অসম

assam

ETV Bharat / state

সংকটৰ দিশে পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়

ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনা(SOP)ত স্তব্ধ কামৰূপৰ প্ৰসিদ্ধ শ্ৰী শ্ৰী ‌পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় (Pingaleswar Devalaya) ৷ ৰাইজৰ দান বৰঙণিৰে চলা‌ দেৱালয়‌‌ খনত দেখা দিছে ভীষণ আৰ্থিক সংকটে । যাৰ ফলত সংকিত হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতি ৷

ক’ভিড সৃষ্ট পৰিৱেশত পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়লৈ নামিছে সংকট
ক’ভিড সৃষ্ট পৰিৱেশত পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়লৈ নামিছে সংকট

By

Published : Jun 7, 2021, 2:23 PM IST

বাইহাটা, 7 জুন :ৰাজ্যৰ ক’ভিড (Covid) সৃষ্ট পৰিৱেশৰ বাবে স্তব্ধ হৈ পৰিছে জন-জীৱন ৷ ক’ভিড (Covid) মহামাৰীক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে এখনৰ পাচত আনটো নীতি-নিৰ্দেশনা(SOP) ৷ যাৰ ফলত তীব্ৰ খাদ্য সংকটত ভুগিছে মানৱ জাতিৰ লগতে পশু-পক্ষীয়ো ৷

উল্লেখ্য যে, ৰাজ্য চৰকাৰে জাৰি কৰা নতুন নীতি-নিৰ্দেশনা(SOP)ত স্তব্ধ হৈ পৰিছে কামৰূপৰ ঐতিহ্য প্ৰসিদ্ধ শ্ৰী শ্ৰী ‌পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয় (Pingaleswar Devalaya) ৷ ৭০০ বছৰীয়া দেৱালয়খনত আজি বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে ।

ক’ভিড সৃষ্ট পৰিৱেশত পিংগলেশ্বৰ অৰ্ধনাৰীশ্বৰ দেৱালয়লৈ নামিছে সংকট

ৰাইজৰ দান বৰঙণিৰে চলা‌ দেৱালয়‌‌খনত দেখা দিছে ভীষণ আৰ্থিক সংকটে । ৭০০ বছৰ ধৰি জ্বলি থকা দেৱালয়খনৰ ৮ গছি অক্ষয় বন্তিৰ ক্ষেত্ৰতো আহিছে ভীষণ প্ৰত্যাহ্বান । দেৱালয়খনৰ পুখুৰীত থকা মাছ কাছ, ৮০টা ৰাজহাঁহ আৰু গৰু-ছাগলীৰ ক্ষেত্ৰতো দেখা দিছে খাদ্য সংকটে । উপায়হীন হৈ পৰিছে মন্দিৰ পৰিচালনা সমিতিও ৷

তথাপিও ক'ভিড (Covid) ৰ বিৰুদ্ধে চৰকাৰে গ্ৰহণ কৰা সকলো ধৰণৰ প্ৰদক্ষেপক‌ আদৰণি জনাইছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ ক’ভি[ সৃষ্ট পৰিৱেশ অতি সোণকালে নাশ হোৱাৰ বাবে নেদেখাজনৰ কাষ চাপিছে মন্দিৰৰ পূজাৰী সকল ৷

লগতে পঢ়ক:গহপুৰত নাঙল-যুঁৱলি লৈ অভিনৱ প্ৰতিবাদ ৰাইজৰ

ABOUT THE AUTHOR

...view details