গুৱাহাটী,২৯ জুন : শনিবাৰে আইআইটি গুৱাহাটীত পদাৰ্থ বিজ্ঞানৰ প্ৰশিক্ষণ দিয়া হয় । পদাৰ্থ বিজ্ঞানৰ স্নাতক ডিগ্ৰীৰ ছাত্ৰ ছাত্ৰীক উচ্চ শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দ্যেশ্যে এই প্ৰশিক্ষণ দিয়া হয়। বিগত ৪ বছৰে আই আই টি গুৱাহাটীয়ে এই প্ৰশিক্ষণৰ কাৰ্যসূচী আয়োজন কৰি আহিছে ।
আই আই টি গুৱাহাটীত ছাত্ৰ ছাত্ৰীক পদাৰ্থ বিজ্ঞানৰ প্ৰশিক্ষণ - etv bharat assam
পণ্ডিত মদন মোহন মালব্য ৰাষ্ট্ৰীয় শিক্ষক আৰু শিক্ষকতা শীৰ্ষক কৰ্মশালাৰ অংশ হিচাপে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ।
etv bharat assam
পণ্ডিত মদন মোহন মালব্য ৰাষ্ট্ৰীয় শিক্ষক আৰু শিক্ষকতা শীৰ্ষক কৰ্মশালাৰ অংশ হিচাপে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে । কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ সহযোগত আই আই টি গুৱাহাটীৰ Department of Physics & Center for Education Technology য়ে এই কৰ্মশালা আয়োজন কৰিছে । ইপিনে এইবেলি এই কৰ্মশালাত দেশৰ ৪৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে পদাৰ্থ বিজ্ঞানৰ উচ্চ প্ৰশিক্ষণ গ্ৰহণ কৰিছে । আই আই টি গুৱাহাটীৰ পদাৰ্থ বিজ্ঞানৰ গৱেষক-অধ্যাপক সকলে এই প্ৰশিক্ষণ প্ৰদান কৰে ।
Last Updated : Jun 29, 2019, 12:48 PM IST