ৰঙিয়া,19 জুন: চৌদিশে কৰ’ণাৰ আতংকময় পৰিৱেশ ৷ কিন্তু মাস্ক পৰিধান নকৰে ৰঙিয়াৰ একাংশ লোকে । ইতিপূৰ্বে চৰকাৰে মাস্ক পৰিধানৰ ক্ষেত্ৰত ৰাজ্যৰ প্ৰতিগৰাকী ব্যক্তিৰ ওপৰত জাৰি কৰিছিল কঠোৰ নিৰ্দেশনা ৷ চৰকাৰৰ নিৰ্দেশক আওকাণ কৰি মহকুমাটোৰ অধিকাশ ব্যক্তিয়ে পৰিধান কৰা দেখা নগ’ল মাস্ক ৷ খোদ ৰঙিয়া আৰক্ষীৰ অধিকাংশ বিষয়ায়ো এই নীতি ভংগ কৰি ভ্ৰমণৰ সময়ত হেলমেটৰ লগতে পৰিধান নকৰে মাস্ক ৷ মুঠৰ ওপৰত কৰ’ণা ভাইৰাছৰ ভয়াৱহতাক ভৰিৰে মোহাৰি এনেদৰে স্বাভাৱিক জীৱনযাত্ৰা অব্যাহত ৰাখিছে ৰঙিয়াবাসীয়ে ৷
মাস্ক পৰিধান সম্পৰ্কে সচেতন নহয় ৰঙিয়াবাসী - কামৰূপৰ ৰঙিয়া
কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি মুঠেও সচেতন কামৰূপৰ ৰঙিয়াৰ একাংশ লোক ৷ চৰকাৰে Covid 19 ৰ পৰা সুৰক্ষা পাবলৈ বাধ্যবাধকতা জাৰি কৰিছিল মাস্ক পৰিধানৰ ক্ষেত্ৰত ৷ কিন্তু চৰকাৰৰ নিৰ্দেশনা নামানি উন্মুক্ত হৈ ঘূৰি ফুৰে ৰঙিয়াৰ অধিকাংশ লোক ৷

মাস্ক পৰিধান সম্পৰ্কে সচেতন নহয় ৰঙিয়াবাসী
মাস্ক পৰিধান সম্পৰ্কে সচেতন নহয় ৰঙিয়াবাসী