অসম

assam

ETV Bharat / state

খাদ্য পলমকৈ দিয়াৰ অভিযোগত চাংসাৰিৰ কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিবাদ - বহুৰ্জাতিক প্ৰতিষ্ঠান

চাংসাৰিত ভাৰতীয় সেনা ছাউনিৰ সমীপৰ 'হেভেলছ' নামৰ বহুৰ্জাতিক প্ৰতিষ্ঠানটোত স্থাপন কৰা কোৱাৰেন্টাইন শিৱিৰটোত খাদ্য প্ৰদানত বিলম্ব হোৱাৰ অভিযোগত কোৱাৰেন্টাইন হৈ থকা কিছু সংখ্যকলোকে প্ৰতিবাদ সাব্যস্ত কৰে । দুই শতাধিক লোক কোৱাৰেন্টাইন হৈ থকা এই শিৱিৰটোত এঘণ্টা পলমকৈ খাদ্য দিয়াৰ অভিযোগ ।

quarantine center
quarantine center

By

Published : Jun 20, 2020, 10:52 PM IST

বাইহাটা চাৰিআলি, 20 জুন : কামৰূপ জিলাৰ কমলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাংসাৰিত কোৱাৰেন্টাইন চেন্টাৰত উত্তেজনা ৷ ভাৰতীয় সেনা ছাউনিৰ সমীপৰ 'হেভেলছ' নামৰ বহুজাতিক প্ৰতিষ্ঠানটোত স্থাপন কৰা কোৱাৰেন্টাইন শিবিৰটোত খাদ্য প্ৰদানত বিলম্ব হোৱাৰ অভিযোগত কোৱাৰেন্টাইন হৈ থকা কিছু সংখ্যকলোকে প্ৰতিবাদ সাব্যস্ত কৰে । দুই শতাধিক লোক কোৱাৰেন্টাইন হৈ থকা এই শিবিৰটোত এঘণ্টা পলমকৈ খাদ্য দিয়াৰ অভিযোগ ।

খাদ্য পলমকৈ দিয়াৰ অভিযোগত চাংসাৰিৰ কোৱাৰেন্টাইন কেন্দ্ৰত প্ৰতিবাদ

কোৱাৰেন্টাইন হৈ থকা প্ৰতিবাদকাৰীৰ একাংশই পলমকৈ খাদ্য যোগান ধৰাৰ বাবে তেওঁলোকে কিছু সময় খাদ্য গ্ৰহণৰ পৰাও বিৰত থাকে । কামৰূপ জিলা প্ৰশাসনৰ ফালৰ পৰা দিনটোত মাথো এগৰাকী ব্যক্তিক এক লিটাৰ পানী দিয়াৰ অভিযোগ শিবিৰটোত থকা লোকসকলৰ। যাৰ ফলত তৃষ্ণাতুৰ হৈ দিন অতিবাহিত কৰিব লগীয়া হয় বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে লোকসকলে । কমলপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ডঃ অংকিতা শৰ্মা ঘটনাস্থলীত উপস্থিত হৈ আলোচনা কৰাৰ পিচতহে তেওঁলোকে খাদ্য গ্ৰহণ কৰে । চক্ৰ বিষয়া গৰাকীয়ে ভৱিষ্যতে খাদ্য প্ৰদানত বিলম্ব নহয় বুলিও আবাসী সকলক আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক :খানাপাৰাত চলিছে বৃহৎ কোৱাৰেন্টাইন কেন্দ্ৰ নিৰ্মাণৰ কাম

ABOUT THE AUTHOR

...view details