অসম

assam

ETV Bharat / state

Road accident in Rangia: পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথ অৱৰোধ কৰিলে ৰাইজে - Pathetic condition of road in Rangia

ৰঙিয়াত পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনা । উত্তেজিত ৰাইজে অৱৰোধ কৰিলে পথ । পথৰ মাজত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতৰ বাবেই সঘনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

People protest by blocking road in Rangia
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথ অৱৰোধ কৰিলে ৰাইজে

By ETV Bharat Assamese Team

Published : Nov 14, 2023, 10:39 PM IST

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথ অৱৰোধ কৰিলে ৰাইজে

ৰঙিয়া,১৪ নৱেম্বৰ: ৰঙিয়াত উত্তপ্ত পৰিস্থিতি । ৰঙিয়াৰ কৰৰা গড়ভিতৰ অঞ্চলৰ ৰাইজে প্ৰায় এঘন্টা ধৰি অৱৰোধ কৰি ৰাখে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ । মঙলবাৰে বিয়লিৰ ভাগত হোৱা এক পথ দুৰ্ঘটনাত তিনিজনকৈ লোক গুৰুতৰভাৱে আহত হোৱাৰ পিছত উত্তেজিত ৰাইজে পথচোৱা অৱৰোধ কৰি সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।

জানিব পৰা মতে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কৰৰা গড়ভিতৰত মঙলবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এখন বাইক আৰু টেম্প'ৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা । দুৰ্ঘটনাটোত বাইকখনৰ দুজন আৰোহী আৰু যাত্ৰীবাহী টেম্প'খনৰ চালকগৰাকী গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে । আহত ব‍্যক্তি কেইগৰাকী হৈছে ৰঙিয়া মুৰাৰা নিবাসী প্ৰীতম বড়ো, তুলসীবাৰীৰ কপিল দাস আৰু টেম্প'চালকগৰাকী ।

দুৰ্ঘটনা সংঘটিত হোৱা পালচাৰ বাইকখনৰ নম্বৰ হৈছে AS15L4087 আৰু টেম্প'খনৰ নম্বৰ হৈছে AS25EC2601 । প্ৰত‍্যক্ষদৰ্শীৰ ভাষ‍্য অনুসৰি ৰঙিয়াৰ পৰা তুলসীবাৰী অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা বাইকখনত যাত্ৰীবাহী গাড়ীখনে তীব্ৰ বেগেৰে খুন্দা মাৰে । পথৰ মাজত থকা বৃহৎ গাঁতৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ।

দুৰ্ঘটনাটোৰ সংঘটিত হোৱাৰ পিছতে তুলসীবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত ব‍্যক্তি কেইজনক স্থানীয় ৰাইজৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কিন্তু ঘটনা সংঘটিত হোৱাৰ পিছত দুৰ্ঘটনাস্থলীত উপস্থিত হোৱা উত্তেজিত ৰাইজে দুৰ্ঘটনাটোৰ পিছত প্ৰায় এঘণ্টা সময় ধৰি পথটো অৱৰোধ কৰি ৰাখে । ৰাইজে অভিযোগ কৰা অনুসৰি পথটোৰ দুৰৱস্থাৰ বাবে প্ৰায়ে অঞ্চলটোত সৰুবৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

ৰাইজে বাৰম্বাৰ কৰ্তৃপক্ষক অৱগত কৰি আহিছে যদিও আজিলৈকে কোনো সুফল লাভ কৰা নাই বুলি জানিবলৈ দিয়ে । যাৰ ফলত পথটোৰে যাতায়ত কৰা লোকসকলে মৰণত শৰণ দি যাত্ৰা কৰিবলৈ বাধ্য হৈছে । ৰাইজে পথ অৱৰোধ কৰাৰ পিছতে ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰমল্ল পাটোৱাৰী আৰু ৰঙিয়া ৰাজহ চক্ৰ বিষয়া ভাস্কৰজ‍্যোতি কলিতা ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ লগত মত বিনিময় কৰি বিষয়টো সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিব বুলি আশ্বাস প্ৰদান কৰাত ৰাইজে পথটো মোকলাই দিয়ে ।

লগতে পঢ়ক:Tezpur Facebook Page Owner Arrest : নাৰীদেহ ব্যৱসায়ৰ চৰজমিন তদন্ত কৰিবলৈ গৈ দশা বেয়া হ’ল ফেচবুক পেজৰ মালিকৰ

ABOUT THE AUTHOR

...view details