অসম

assam

ETV Bharat / state

কভিড-19 টেষ্টৰ বাবে স্বতঃস্ফূৰ্ত ভাৱে ওলাই আহিল ৰঙিয়াবাসী - covid-19 test

ৰাজ‍্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো ক’ভিড টেষ্ট অব্যাহত ৷ ক’ভিড টেষ্ট কৰাৰ বাবে স্বাস্থ্য বিভাগে লোৱা পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই ওলাই আহিল বহুসংখ্যক লোক ৷ ৰঙিয়াত এতিয়ালৈকে প্ৰায় পোন্ধৰ শ লোক আক্ৰান্ত হৈছে ক’ভিড-19 ত ৷

কভিড-19 টেষ্টৰ বাবে স্বত:স্ফূৰ্ত ভাৱে ওলাই আহিল ৰঙিয়াবাসী
কভিড-19 টেষ্টৰ বাবে স্বত:স্ফূৰ্ত ভাৱে ওলাই আহিল ৰঙিয়াবাসী

By

Published : Sep 29, 2020, 1:18 PM IST

ৰঙিয়া, 29 চেপ্তেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ৰঙিয়াতো অব্যাহত আছে ক’ভিড-19 টেষ্ট ৷ ৰাজ‍্যৰ স্বাস্থ্য বিভাগে তিনি দিনত তিনিলাখ লোকৰ ক’ভিড-19 টেষ্ট কৰাৰ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰঙিয়াত ক’ভিড-19 টেষ্ট কৰাৰ বাবে জনসাধাৰণৰ ভিৰ দেখা গ'ল। স্বাস্থ্য বিভাগৰ এনে পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মঙলবাৰে স্বতঃস্ফূৰ্তভাৱে ক’ভিড-19 টেষ্টৰ বাবে বহু লোক ওলাই অহা পৰিলক্ষিত হ'ল ৷

ৰঙিয়াত কভিড-19 টেষ্টৰ বাবে স্বত:স্ফূৰ্ত ভাৱে ওলাই আহিল ৰাইজ

সচেতন নাগৰিক সকল নিজ ইচ্ছাৰে ওলাই অহাৰ পাছতে ৰঙিয়া নগৰৰ জৱাহৰলাল নেহৰু শিশু বিদ্যালয়ত ক’ভিড-19 টেষ্ট কৰাৰ বাবে স্বাস্থ্য কৰ্মীৰ ব্যস্ততা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । মঙলবাৰে পুৱাৰ পৰাই ক’ভিড-19 পৰীক্ষণৰ বাবে এই কেন্দ্ৰটোত ব্যাপক ভিৰ দেখা গৈছে। উল্লেখ্য যে ৰাজ্যৰ স্বাস্থ্য বিভাগে সোমবাৰৰ পৰা তিনি দিনত তিনি লাখ ক’ভিড টেষ্ট সম্পন্ন কৰাৰ ব্যৱস্থা কৰিছে। ৰঙিয়াত ইতিমধ্যে প্ৰায় পোন্ধৰ শ লোক ক’ভিডত আক্ৰান্ত হৈছে। এনে পৰিপ্ৰেক্ষিতত সামাজিক সংক্ৰমণ ৰোধ কৰাৰ বাবে স্বাস্থ্য বিভাগে গ্ৰহণ কৰা এই ব্যৱস্থাক ৰাইজে আদৰণি জনাইছে ।
লগতে পঢ়ক:উত্তৰ প্ৰদেশৰ হাথৰস গণধৰ্ষণৰ পীড়িতাৰ চিকিৎসাধীন অৱস্থাত মৃত্যু

ABOUT THE AUTHOR

...view details