ৰঙিয়া, 28 জুলাইঃ ৰঙিয়াৰ ধেপাৰগাঁওত বিহাপাৰা-কাউৰবাহা সংযোগী পথৰ কেইবাটাও অংশ পুঠিমাৰী নৈৰ বানে উটুৱাই নিয়াৰ ফলত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে প্ৰায় ২০ খন গাঁৱৰ যাতায়ত ৷ স্থানীয় ৰাইজে স্থানীয় বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ লগতে জিলা প্ৰশাসনকো বিষয়তো অৱগত কৰিও কোনো সুফল নাপালে বুলি জনাই স্থানীয় ৰাইজে ৷
সেয়ে বাক্সা জিলাৰ অন্তৰ্গত ৰঙিয়া সমষ্টিৰ ধেপাৰগাঁও অঞ্চলৰ মূল পথটো মেৰামতিৰ বাবে ওলাই আহিল অঞ্চলটোৰ স্থানীয় ৰাইজ ৷ ঘৰে ঘৰে বাঁহ সংগ্ৰহ কৰি, গাঁঠিৰ ধন ভাঙি পথৰ ভগ্ন অংশত সাঁকো,দলং আদি নিৰ্মাণত ব্যস্ত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ৷ শিশু,যুৱক,বৃদ্ধ সকলোৱে ওলাই আহিছে যাতায়তৰ ন্যূনতম ব্যৱস্থা খিনি কৰি ল’বলৈ ৷