অসম

assam

By

Published : May 14, 2020, 11:10 PM IST

ETV Bharat / state

লক্ ডাউন ভংগ কৰি উলাই আহিল সহস্ৰাধিক মহিলা

তীৰ্থনগৰী হাজোত একাংশ লোকে ভংগ কৰিলে লক্ ডাউন ৷ প্ৰশাসনৰ নীতি-নিয়ম অমান্য কৰি বেংকত ধন সংগ্ৰহৰ বাবে গ্ৰাহকৰ লানি নিচিঙা শাৰী ৷

People lockdown break at hajo
লক্ ডাউন ভংগ কৰি তাৰ্থনগৰীত সহস্ৰাধিক মহিলা বেংকত

হাজো, 14 মে' : প্ৰশাসনৰ নীতি-নিৰ্দেশনা ভংগ কৰি বৃহস্পতিবাৰে তীৰ্থনগৰী হাজোত একাংশ লোকে লক্ ডাউন ভংগ কৰা পৰিলক্ষিত হৈছে ৷ লক্ ডাউনৰ নীতি-নিয়ম উলংঘা কৰি হাজো এলাহাবাদ বেংকৰ শাখাত গ্ৰাহকৰ লানি নিছিঙা শাৰী পৰিলক্ষিত হৈছে ৷

তথ্য অনুসৰি, চৰকাৰে লক্ ডাউনৰ সময়ত বেংক একাউন্ট সমূহত ৰাইজলৈ আগবঢ়োৱা বিশেষ পুঁজিৰ আৰ্থিক সাহাৰ্য সংগ্ৰহ কৰিবলৈ এইদৰে বেংকৰ সন্মুখত শাৰী পতা পৰিলক্ষিত হৈছে ৷

লক্ ডাউন ভংগ কৰি তাৰ্থনগৰীত সহস্ৰাধিক মহিলা বেংকত

পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পিছতহে পৰিস্থিতি স্বম্ভালিবলৈ সক্ষম হ'ল বেংক কতৃৰ্পক্ষই ৷

লগতে পঢ়ক : লক্ ডাউনত উশাহ লৈছে প্ৰকৃতিয়ে

ABOUT THE AUTHOR

...view details