নতুন কৌশলেৰে সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ ৰঙিয়া, 21 আগষ্ট:ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান ক্ষীপ্ৰতৰ হৈ থকাৰ পচতো ন ন কৌশল অৱলম্বন কৰি হ’লেও ড্ৰাগছ সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ ৷ দেওবাৰে নিশা ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলায় গ্ৰেপ্তাৰ কৰে নিষিদ্ধ হেৰ'ইন সহ ড্ৰাগছ সৰবৰাহকাৰীক । এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে অভিযান চলায় সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলা এক অভিযানত ৰঙিয়াৰ উদিয়ানাৰ জেঙাটোলাৰ এজন যুৱকৰ ঘৰত আৰক্ষীয়ে অভিযান চলায় । আৰক্ষীৰ অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ হয় হেৰ’ইন সহ সৰবৰাহকাৰীজন । সৰবৰাহকাৰীজন মুন আলী (27) বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।
আৰক্ষীৰ অভিযানকাৰী দলটোৱে 100 টা হেৰ'ইন ভৰ্তি কন্টেইনাৰ আৰু 13 গ্ৰাম ওজনৰ আন এটা হেৰ'ইন ভৰ্তি পেকেট জব্দ কৰে । ধৃত সৰবৰাহকাৰীজনে হেৰ'ইনখিনি বিক্ৰী কৰিবলৈ ঘৰতে দুটাকৈ গোপন স্থানত ৰাখি থৈছিল । ঘৰৰ মাটিৰ তলত আৰু ৰান্ধনী ঘৰৰ চাঙৰ তলত ক’লা পলিথিনত বান্ধি মাটিত পুতি থোৱা অৱস্থাত আছিল হেৰ'ইন খিনি । জব্দ হোৱা হেৰ'ইনখিনিৰ আনুমানিক বজাৰ মূল্য কেইবা লক্ষাধিক টকা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।
দীৰ্ঘদিন ধৰি উদিয়ানাৰ লগতে সমীপৰ অঞ্চলসমূহত হেৰ'ইন সৰবৰাহ কৰি থকাৰ অভিযোগ মুন আলীৰ বিৰুদ্ধে । বৰ্তমান আৰক্ষীয়ে ৰঙিয়া থানাত হেৰ'ইন সৰবৰাহকাৰী মুন আলীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে । ইফালে উদিয়ানা অঞ্চলত বৰ্তমান সূলভ মূল্যত নিষিদ্ধ হেৰ'ইন উপলব্ধ হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে । শীঘ্ৰে সকলো হেৰ'ইন সৰবৰাহকাৰীকে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক আহ্বান জনায় ৰাইজে ।
লগতে পঢ়ক: Barpeta Theft Incident: আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ সন্মুখতে চোৰে চলালে চাফাই অভিযান