অসম

assam

ETV Bharat / state

উত্তপ্ত GNRC: ভুল চিকিৎসাৰ বাবেই ৰোগীৰ মৃত্যুৰ অভিযোগ - ভুল চিকিৎসাৰ বলি

শুকুৰবাৰে নিশা উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । এগৰাকী মহিলা ৰোগীৰ মৃত্যুকলৈ সৃষ্টি হয় এই পৰিস্থিতিৰ ।অৱশ্যে উত্তৰ গুৱাহাটী আৰক্ষী চকীৰ উপস্থিতিত নিয়ন্ত্ৰণলৈ আহে সমগ্ৰ পৰিস্থিতি ।

উত্তপ্ত GNRC: ভুল চিকিৎসাৰ বাবেই ৰোগীৰ মৃত্যুৰ অভিযোগ

By

Published : Aug 17, 2019, 12:13 PM IST

কামৰূপ, 17 আগষ্টঃ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে GNRC হাস্পতাল । ভুল চিকিৎসাৰ বলি হৈ উত্তৰ গুৱাহাটীস্থিত GNRC মেডিকেলত মহিলা ৰোগীৰ মৃত্যু । সাধাৰণ ককালৰ বিষৰ বাবে এমাহ পূৰ্বে GNRC মেডিকেলত চিকিৎসাধীন হৈ আছিল বন্দনা হালৈ নামৰ বঙাইগাঁৱৰ এগৰাকী মহিলা । বিগত এমাহ GNRC ৰ চিকিৎসক জোনাইড আহমেদৰ তত্বাৱধানত পৰীক্ষা নিৰীক্ষাৰ অন্তত যোৱা ১৫ আগষ্টত স্নায়ুজনিত অস্ত্ৰোপচাৰৰ বাবে GNRCত ভৰ্তি কৰোৱা হৈছিল বন্দনা হালৈক ।

উত্তপ্ত GNRC: ভুল চিকিৎসাৰ বাবেই ৰোগীৰ মৃত্যুৰ অভিযোগ

কিন্তু ৰহস্যজনকভাৱে ১৬ আগষ্টত অস্ত্ৰোপচাৰ কক্ষতে মৃত্যু হয় দুৰ্ভগীয়া মহিলা গৰাকীৰ । অস্ত্ৰোপচাৰৰ সময়ত অত্যধিক ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি জনায় মেডিকেল কতৃপক্ষই । ডাক্তৰ জোমাইড আহমেদৰ ভুল চিকিৎসাৰ বাবেই বন্দনা হালৈৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ আত্মীয়ৰ ।

ABOUT THE AUTHOR

...view details