ৰঙিয়া, 26 মে': কামৰূপ জিলাৰ ৰঙিয়াৰ সমীপৰ মাদৈকাটা অঞ্চলৰ পথৰ দুৰৱস্থাৰ বাবে শনিবাৰে নিশা অতি বিপদসংকুল ভাৱে এজন ৰোগীক ঠেলাৰে চিকিৎসালয়লৈ নিব লগীয়া হয় ৷ অভিযোগ অনুসৰি পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে এই পথেৰে 108 এম্বুলেঞ্চ আহিব নোৱাৰে ৷ যাৰ ফলত ৰোগীক চিকিৎসালয়লৈ নিয়াৰ বাবে ঠেলায়ে একমাত্ৰ যাতায়তৰ স্থল হৈ পৰে ৷
উন্নয়নৰ পোহৰ নপৰা ৰঙিয়াৰ মাদৈকাটা !
বিটিচিৰ এই অঞ্চলটোত বিধ্বস্ত পথৰ বাবে ৰাইজে প্ৰায় 10-12 বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে ৷ বিটিচি প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ ৷
জানিব পৰা মতে মাদৈকাটাৰ চামচুল আলী নামৰ ৰোগী এজনক গুৱাহাটী মেডিকেল কলেজ হস্পিতালত অস্ত্ৰোপচাৰ কৰাৰ পিচত শনিবাৰে ঘৰলৈ অনা হৈছিল ৷ কিন্তু জৰাজীৰ্ণ পথেৰে যাতায়ত কৰাত নিশা ৰোগীজন পুনৰ অসুস্থ হৈ পৰে ৷ লগে লগে পৰিয়ালৰ লোকে এম্বুলেঞ্চক খবৰ দিয়ে যদিও জৰাজীৰ্ণ পথৰ বাবে এম্বুলেঞ্চখন বহু দূৰৈত ৰাখিব লগীয়া হয় ৷ সেয়ে উপায়ন্তৰ হৈ ৰোগীজনক এখন ঠেলাৰে এম্বুলেঞ্চৰ কাষলৈ নিব লগীয়া হয় ৷ উল্লেখ্য যে, বিটিচিৰ এই অঞ্চলটোত বিধ্বস্ত পথৰ বাবে এনেদৰে ৰাইজে প্ৰায় 10-12 বছৰ ধৰি দুৰ্ভোগ ভুগি আহিছে ৷ বিশেষকৈ জৰুৰীকালীন সেৱাৰ বাবে ৰাইজে বহু অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ ইপিনে ৰাইজৰ এনে জ্বলন্ত সমস্যাৰ ক্ষেত্ৰত বিটিচি প্ৰশাসনে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰা বুলি ৰাইজে অভিযোগ তোলে ৷