পাঠশালাত কহিনুৰ থিয়েটাৰৰ 44 তম বৰ্ষৰ আখৰা গৃহ মুকলি - কহিনুৰ থিয়েটাৰৰ 44 তম বৰ্ষ
ৰতন লহকৰৰ স্মৃতি বিজড়িত জনপ্ৰিয় কহিনুৰ থিয়েটাৰে মুকলি কৰিলে 44 তম বৰ্ষৰ আখৰা গৃহ ৷ এই বৰ্ষটোত কহিনুৰ থিয়েটাৰৰ পৰা দৰ্শকে দেখিবলৈ পাব তিনিখন আকৰ্ষণীয় নাট নাট্যকাৰ চম্পক শৰ্মাৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণ, ৰাজদীপৰ বৰষা যেতিয়া নামে আৰু অভিজিৎ ভট্টাচাৰ্যৰ মোৰ তেজত তোমাৰ নাম ৷
পাঠশালা, ৮ জুলাই : ৰাজ্যৰ অন্যতম ভ্ৰাম্যমাণ নাট্যদল কহিনুৰ থিয়েটাৰে পাঠশালাত সোমবাৰে 44 তম নাট্য বৰ্ষৰ শুভাৰম্ভ কৰি মুকলি কৰে আখৰা গৃহ l নেৰানেপেৰা বৰষুণৰ মাজত আজি কহিনুৰ থিয়েটাৰে নিজা স্থায়ী আখৰা গৃহত মাংগলিক পূজা-পাৰ্ৱণ সম্পন্ন কৰি আজি নতুন বৰ্ষৰ পাতনি মেলে l এইবাৰ কহিনুৰ থিয়েটাৰে মঞ্চস্থ কৰিব তিনিখন আকৰ্ষণীয় নাটক ৷ নাটক কেইখন হৈছে নাট্যকাৰ চম্পক শৰ্মাৰ দ্ৰৌপদীৰ বস্ত্ৰহৰণ, ৰাজদীপৰ বৰষা যেতিয়া নামে আৰু অভিজিৎ ভট্টাচাৰ্যৰ মোৰ তেজত তোমাৰ নাম ৷ ৰতন লহকৰৰ স্মৃতি বিজড়িত কহিনুৰ থিয়েটাৰে এই বৰ্যটো দৰ্শকৰ বাবে সুস্থ আৰু ৰুচিসম্পন্ন নাটক আগবঢ়াব বুলি জানিবলৈ দিয়ে প্ৰয়োজক তপন লহকৰে l