ৰঙিয়া, ১৭ আগষ্ট: ৰঙিয়াৰ সুন্ধিয়াৰ পশু উপ স্বাস্থ্য কেন্দ্ৰৰ বিধ্বস্ত অৱস্থাই উদঙাইছে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কামৰ নমুনা । বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীন কাণ্ডৰ বাবেই বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতে আছে সুন্ধিয়াৰ পশু উপ স্বাস্থ্য কেন্দ্ৰটো । এসময়ত এই কেন্দ্ৰটোৰ পৰা উপকৃত হৈছিল প্ৰায় ১০ খন গাঁৱৰ কৃষক তথা পশুপালক । কিন্তু এতিয়া পশুৰ বেমাৰ হ'লে ৰঙিয়ালৈ নিবলগীয়া হয় ।
প্ৰায় ৩০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল সুন্ধিয়াৰ পশু উপ স্বাস্থ্য কেন্দ্ৰ । তাৰ পাছত,চিকিৎসা সেৱাও আগবঢ়োৱা হৈছিল । কিন্তু ১২ বছৰ পূৰ্বে ধুমুহাত পশু উপ স্বাস্থ্য কেন্দ্ৰটোৰ বিস্তৰ ক্ষতিসাধন হয় । পশু চিকিৎসা বিভাগৰ চৰম অৱহেলাত এই কেন্দ্ৰটো বৰ্তমানেও মেৰামতি কৰা হোৱা নাই ।
জৰাজীৰ্ণ গৃহটো এতিয়া একাংশ অসাধু লোকৰ বাবে অসামাজিক কামৰ আদ্দাস্থলীলৈ পৰিণত হৈছে ।