ৰঙিয়া, 5 অক্টোবৰ:ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে অনিৰ্দিষ্টকালীন চকা বন্ধ ৷ এই চকা বন্ধৰ প্ৰভাৱ ৰাজ্যৰ ভিন্ন প্ৰান্তত সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে ৷ ৰঙিয়া মহকুমাতো মটৰ পৰিৱহণ সন্থাই আহ্বান জনোৱা চকা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হৈছে ৷ এই বন্ধৰ ফলত ৰাজপথত এখনো বাহন চলা দেখা নাযায় ৷ যাৰ ফলত দৈনন্দিন জীৱনত অভ্যস্ত জন সাধাৰণে তীব্ৰ সমস্যাৰ সন্মুখীন হয় ৷ ৰঙিয়াৰ সমীপৱৰ্তী 31 নং ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীসকলৰ ভিৰৰ সুযোগ গ্ৰহণ কৰি এচামে বৃদ্ধি কৰে ব্যক্তিগত বাহন তথা বাছৰ ভাৰা ৷ অনাৱশ্যক বাছ ভাৰা বৃদ্ধিৰ বিৰোধিতা কৰে যাত্ৰীসকলে ৷ কৰ’ণা ভাইৰাছৰ বাবে ইতিমধ্যে সম্পূৰ্ণৰূপে ৰে’লৰ চলাচল পুনৰ আৰম্ভ নোহোৱাত স্বাভাৱিকতে বিপদৰ সন্মুখীন হৈছে যাত্ৰীসকল ৷ লকডাউনৰ ফলত জুৰুলা হোৱা জনতাৰ মুৰত মাধমাৰ শোধাই কৰা বাছ ভাৰা বৃদ্ধিৰ তীব্ৰ বিৰোধিতা কৰে বাছযাত্ৰীসকলে ৷
বাছ ভাৰা বৃদ্ধিৰ বিৰোধিতা যাত্ৰীৰ - চকা বন্ধ
আজিৰে পৰা ৰাজ্য়ত অনিৰ্দিষ্টকালীনভাৱে আৰম্ভ হৈছে চকা বন্ধ ৷ মটৰ পৰিৱহণ সন্থাই জনোৱা এই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা পৰিলক্ষিত হৈছে ৰঙিয়াত ৷
ৰঙিয়াত চকা বন্ধৰ প্ৰভাৱ সৰ্বাত্মক