বাইহাটা, 29 জুন : আমিনগাঁৱস্থিত কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয় (Office of the Deputy Commissioner, Kamrup)ত মঙলবাৰে এখন পৰ্যালোচনা সভাত মিলিত হয় বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)। পৰ্যালোচনা সভাত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ বন (Forest), আবকাৰী (Excise) আৰু মীন (Fishery) বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মত বিনিময় কৰে । মন্ত্ৰীগৰাকীয়ে বৈঠকত বিভাগকেইটাৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ লগতে বিভাগৰসমূহত থকা ত্ৰুটিসমূহ শীঘ্ৰেই সমাধান কৰাৰ বাবে নিৰ্দেশ দিয়ে । তেওঁ লগতে কামৰূপ জিলাৰ বন বিভাগ (Forest Department)ৰ অধীনস্থ ১৬০ হেক্টৰতকৈ অধিক ভূমি বেদখলমুক্ত কৰাৰ পোষকতা কৰে ৷
কামৰূপ জিলাত হোৱা ব্যাপক পাহাৰখনন সন্দৰ্ভত টুলুঙা মন্তব্য কৰি বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই বন ধ্বংসক যে আওপকীয়াভাৱে সমৰ্থন জনায় তাৰেই ইংগিত দিয়ে ৷ মন্ত্ৰীগৰাকীয়ে উন্নয়নৰ স্বাৰ্থত পাহাৰ টকলা কৰাতো স্বাভাবিক কথা বুলি মতপোষণ কৰে । ইয়াৰ লগতে কামৰূপ জিলাত এমাহৰ ভিতৰত চুলাই মদৰ বেহা বন্ধ কৰাৰ বাবে আবকাৰী বিভাগ (Excise Department)ক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মন্ত্ৰী পৰিমল শুক্লবৈদ্য (Parimal Suklabaidya)ই ।