ৰঙিয়া, 8 ছেপ্টেম্বৰ : উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হৈছে ৰঙিয়াৰ পূৱ সাহানৰ এটি দৰিদ্ৰ পৰিয়ালৰ দুই দিব্যাংগ পুত্ৰ সন্তানে । ধনৰ অভাৱত সন্তান দুটিৰ উন্নত চিকিৎসা কৰিব নোৱাৰি হতাশ হৈ পৰিছে অসহায় পৰিয়ালটো । পূৱ সাহানৰ ই-ৰিক্সা চালক তৌফিকুৰ ৰহমানৰ আছে এটি ১২ বছৰীয়া আৰু এটি ৬ বছৰীয়া সন্তান । দুৰ্ভাগ্যৰ কথা যে, ডাঙৰ সন্তানটোৰ হাত দুখন বান্ধি থ’ব লগা হয় সকলো সময়তে ৷ হাত নাবান্ধিলে হাতত কামুৰি নিজেই নিজক কৰে আহত ।
ইতিমধ্যে মাতৃয়ে সন্তানৰ চিকিৎসাৰ নামত সোণৰ আ-অলংকাৰ বিক্ৰী কৰাৰ লগতে সুদত ধনলৈ হৈছে সৰ্বস্বান্ত । ইফালে দীৰ্ঘদিনীয়া লক ডাউনৰ বাবে আৰ্থিকভাৱে গভীৰ সংকটৰ সন্মুখীন হৈছে এই দৰিদ্ৰ পৰিয়ালটো । এসাঁজ খালে আন এসাঁজৰ চিন্তা কৰিব লগা হৈছে এই দুখীয়া পৰিয়ালটোৱে । আনহাতে পিতৃ মাতৃয়ে আজিলৈকে কোনোধৰণৰ চৰকাৰী আঁচনি লাভ কৰা নাই এই দিব্যাংগ সন্তান দুটিৰ বাবে । নলবাৰীৰ এজন ব্যক্তিয়ে চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰাৰ প্ৰলোভন দি এহাজাৰ টকা সৰকাই নিয়া বুলিহে জানিবলৈ দিয়ে ভুক্তভোগী পৰিয়ালটোৱে ।