কামৰূপ, 15 জুন : মনৰ একগ্ৰতা, সাহস আৰু ধৈৰ্যৰে অসম্ভৱকো সম্ভব কৰাৰ অনেক উদাহৰণ আছে । তেনে এক উদাহৰণ হৈ পৰিছে কামৰূপ জিলাৰ জয়ন্তীপুৰৰ এগৰাকী বিশেষ ব্যক্তি । ব্যক্তিগৰাকীৰ নাম পংকজ ৰাজবংশী ৷
উল্লেখ্য যে, 2006 বৰ্ষত এটা উদ্দ্যোগত কৰ্মৰত অৱস্থাত সংঘটিত হৈছিল এটা ভয়ংকৰ দুৰ্ঘটনা ৷ উক্ত দুৰ্ঘটনাটোৰ বলি হৈছিল কামৰূপ জিলাৰ জয়ন্তীপুৰৰ পংকজ ৰাজবংশী নামৰ লোকজন ৷ দুৰ্ঘটনাটোত পংকজে হেৰুৱাবলগীয়া হৈছিল এখন হাত ৷
তথাপিও পাঁচজনীয়া পৰিয়ালটোৰ একমাত্র উপাৰ্জনকাৰী পংকজ ভাগি পৰা নাছিল । এখন হাতেৰে আৰম্ভ কৰিছিল কল, ঢেঁকীয়া আদি বিভিন্ন ব্যৱসায় । এখন হাতেৰে স্কুটী চলাই আনৰ ঘৰৰ পৰা কল সংগ্ৰহ কৰি বিক্ৰী কৰে পংকজে ।