বাইহাটা,21 মাৰ্চ:ৰাজ্যৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাইজ প্ৰশাসন সকলো ব্যস্ত থকাৰ মাজতে বন বিভাগে লাভ কৰিছে এক বৃহৎ সফলতা ৷ ঝাৰখণ্ডৰ 4 জন চোৰাং চিকাৰী, দুখন বিলাসী গাড়ীসহ হাজো বনাঞ্চলিক বিষয়াই বন্যপ্ৰাণী অপৰাধ সংস্থাৰ সহযোগত কামৰূপ জিলাৰ গন্ধমৌৰ পৰা এটা দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ কৰিছে ।
গন্ধমৌত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ - Wildlife Crime Branch
কামৰূপ জিলাৰ গন্ধমৌৰ পৰা দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ ৷ ঝাৰখণ্ডৰ 4 জন চোৰাং চিকাৰী, দুখন বিলাসী গাড়ীসহ হাজোৰ বনাঞ্চলিক বিষয়াই বন্যপ্ৰাণী অপৰাধ সংস্থাৰ সহযোগত 5 কেজি 600 গ্ৰাম ওজনৰ দুষ্প্ৰাপ্য বনৰৌটো উদ্ধাৰ কৰে ৷

গন্ধমৌত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ
গন্ধমৌত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ
5 কেজি 600 গ্ৰাম ওজনৰ দুষ্প্ৰাপ্য প্ৰাণীটো নলবাৰী জিলাৰ শিয়ালমাৰী চৰৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ বাবে অনা হৈছিল জানিব পৰা গৈছে । কামৰূপ জিলাৰ চিলা ৰেঞ্জৰ সহযোগত দুষ্প্ৰাপ্য বনৰৌটো উদ্ধাৰ কৰি উত্তৰ গুৱাহাটীৰ দীৰ্ঘেশ্বৰী সংৰক্ষিত বনাঞ্চলত এৰি দিয়া হয় ৷
Last Updated : Mar 21, 2021, 10:16 PM IST