অসম

assam

ETV Bharat / state

দূৰ্নীতি ! কৃষকৰ পৰিৱৰ্তে সাহায্যৰ ধন সোমাল চৰকাৰী কৰ্মচাৰীৰ একাউন্টত - কামৰূপ

লক-ডাউনৰ বাবে ৰাজ্যৰ দৰিদ্ৰ লোকক চৰকাৰে বিতৰণ কৰা সাহায্যত ব্যাপক দূৰ্নীতি হোৱাৰ অভিযোগ উখাপন হৈছে ৷ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাত পঞ্চায়ত প্ৰতিনিধিয়ে দূৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উখাপন হৈছে কামৰূপ জিলাৰ ৰঙিয়াত ৷

panchayat member corruption
পঞ্চায়ত প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ অভিযোগ

By

Published : Apr 29, 2020, 10:29 AM IST

ৰঙিয়া, 29 এপ্ৰিল : মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে বিপদৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষক শ্ৰেণী ৷ উৎপাদিত সামগ্ৰী বজাৰৰ অভাৱত পথাৰতে গেলি-পচি যোৱাৰ বাবে তীব্ৰ অৰ্থ সংকটত পৰিব লগা হৈছে ৰাজ্যৰ কৃষক সকল ৷ ইতিমধ্যে ৰাজ্যৰ কৃষক শ্ৰেণীৰ বাবে চৰকাৰে আগবঢ়াইছে অৰ্থ সাহায্য ৷ কিন্তু হিতাধিকাৰীয়ে সাহায্য পোৱাৰ পৰিৱৰ্তে চৰকাৰী কৰ্মচাৰীয়ে সাহায্য পোৱাৰ অভিযোগ উখাপন হৈছে কামৰূপ জিলাৰ ৰঙিয়াৰ জামতোলাত ৷

পঞ্চায়ত প্ৰতিনিধিয়ে আত্মসাৎ কৰাৰ অভিযোগ

অভিযোগ অনুসৰি, মধ্য পাণ্ডুৰি গাঁও পঞ্চায়তত এককালীন সাহায্যৰ ক্ষেত্ৰত দৰিদ্ৰ কৃষকৰ পৰিৱৰ্তে তালিকাত নাম অন্তভুক্ত হৈছে চৰকাৰী কৰ্মচাৰীৰ ৷ আনকি একেখন ঘৰৰে তিনি-চাৰিজনকৈ ব্যক্তিৰ নাম তালিকাত সন্নিবিষ্ট হোৱাৰ অভিযোগ উখাপন হৈছে ৷ আনহাতে ভুক্তভোগীৰ মন্তব্য অনুসৰি পঞ্চায়ত প্ৰতিনিধিয়ে ধনৰ বিনিময়ত যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি অযোগ্য প্ৰাৰ্থীৰ নাম তালিকাত সন্নিবিষ্ট কৰিছে ৷

লগতে পঢ়ক : এটা আলু, একাপ দালি, এক কেজি চাউল ! সৰৱ প্ৰফুল্ল কুমাৰ মহন্ত

ABOUT THE AUTHOR

...view details