আৰম্ভ হ'ল পলাশবাৰী ৰাস মহোৎসৱ - ৭৩ তম পলাশবাৰী ৰাস মহোৎসৱৰ শুভ উদ্ধোধন কৰিলে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
১২ নৱেম্বৰৰ পৰা ১১ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই ৰাস মহোৎসৱত প্ৰথম দিনাই সমবেত হয় অগণন ভক্তপ্ৰান ৰাইজৰ । ৰামায়ণ, মহাভাৰত আদি বিভিন্ন ধৰ্ম গ্ৰন্থৰ আধাৰত শ্ৰীকৃষ্ণই বাল্য কালৰ পৰা যুৱ অৱস্থালৈ কৰা লীলা সমূহৰ প্ৰায় ২৫০ ত কৈ অধিক মৃন্ময় মূৰ্তিয়ে শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে এই ৰাস মহোৎসৱত ।
![আৰম্ভ হ'ল পলাশবাৰী ৰাস মহোৎসৱ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5044722-977-5044722-1573578466284.jpg)
পলাশবাৰী, 12 নৱেম্বৰ: মঙলবাৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল ঐতিহ্যমণ্ডিত ৭৩ তম পলাশবাৰী ৰাস মহোৎসৱ । বর্ণাঢ্য কাৰ্যসূচীৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে নামনি অসমৰ ঐতিহাসিক ৭৩ তম পলাশবাৰী ৰাসমহোৎসৱৰ। এখন পুষ্পসজ্জিত বাহনেৰে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা, গায়ন বায়ন, বেণ্ড,ঢুলীয়া আদিৰে আদৰি অনা হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক । ১২ নৱেম্বৰৰ পৰা ১১ দিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা এই ৰাস মহোৎসৱত প্ৰথম দিনাই সমবেত হয় অগণন ভক্তপ্ৰান ৰাইজৰ । ৰামায়ণ, মহাভাৰত আদি শাস্ত্ৰৰ আধাৰত শ্ৰীকৃষ্ণই বাল্য কালৰ পৰা যুৱ অৱস্থালৈ কৰা লীলা সমূহৰ প্ৰায় ২৫০ ত কৈ অধিক মৃন্ময় মূৰ্তিয়ে শিল্পীৰ হাতত প্ৰাণ পাই উঠিছে এই ৰাস মহোৎসৱত ।