অসম

assam

পলাশবাৰী আৰক্ষীৰ হাতত উদ্ধাৰ চুৰি হোৱা বাহন

By

Published : May 4, 2019, 6:49 PM IST

দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তৰ পৰা বিগত সময়ছোৱাত চুৰি হৈ আহিছিল দুচকীয়া বাহন৷ দিন-দুপৰতে সঘনাই চুৰি হৈছিল মটৰ চাইকেল, স্কুটাৰকে ধৰি বিভিন্ন বাহন৷ যাৰ ফলত অতিষ্ঠ হৈ পৰিছিল সৰ্বসাধাৰণ ৰাইজ৷

পলাশবাৰী আৰক্ষীৰ হাতত উদ্ধাৰ চুৰি হোৱা বাহন

আজাৰা, 4 মে' : পলাশবাৰী আৰক্ষীৰ সাফল্য । চাৰিখনকৈ চুৰি হোৱা মটৰচাইকেল উদ্ধাৰ কৰিবলৈ সক্ষম পলাশবাৰী আৰক্ষী৷

দক্ষিণ কামৰূপৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত গাড়ী চুৰি চক্ৰই চলাই আহিছিল সন্ত্ৰাস৷ দিন-দুপৰতে সঘনাই চুৰি হৈছিল মটৰ চাইকেল, স্কুটাৰকে ধৰি বিভিন্ন বাহন৷ যাৰ ফলত অতিষ্ট হৈ পৰিছিল সৰ্বসাধাৰণ ৰাইজ৷

অৱশেষত শনিবাৰে পলাশবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি উদ্ধাৰ কৰিবলৈ সক্ষম হয় তিনিখনকৈ চুৰি হোৱা মটৰচাইকেল৷ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৈত্যন্দ্ৰ সিং হাজাৰীৰ নেতৃত্ব যোৱা আৰক্ষীৰ এটা বৃহৎ দলে পলাশবাৰীৰ লোহাৰঘাটৰ পৰা উদ্ধাৰ কৰে AS 01 DQ 9024 নম্বৰৰ পালচাৰ ২২০ এখন, AS01DU 6727 নম্বৰৰ এখন KTM 390 আৰু আৰু দুখন নম্বৰবিহীন 150 পালচাৰ আৰু স্কুটি৷

ABOUT THE AUTHOR

...view details