পাগলদিয়া নৈৰ ৰোষত খলিহামাৰী - খলিহামাৰী
পগলাদিয়াৰ নৈৰ কাল ৰূপ। প্ৰতি মুহূৰ্ততে খহিছে গৰা। বিঘাই বিঘাই খেতি পথাৰ গৰা খহনীয়াৰ কৱলত পৰিছে । সৰ্বশ্ৰান্ত হৈছে বহু পৰিয়াল।
পাগলদিয়া নৈৰ ৰোষত খলিহামাৰী
হাজু, 29 জুন: পাগলাদিয়া নৈৰ ভয়ংকৰ খহনীয়াৰ কৱলত তীৰ্থ নগৰী হাজোৰ খলিহামাৰী অঞ্চল। পগলাদিয়াৰ নৈৰ কাল ৰূপ। প্ৰতি মুহূৰ্ততে খহিছে গৰা। বিঘাই বিঘাই খেতি পথাৰ গৰা খহনীয়াৰ কৱলত পৰিছে। সৰ্বশ্ৰান্ত হৈছে বহু পৰিয়াল। এতিয়া নিজৰ ভেটিৰ মাটি খিনিও নাবাছিল। এমাহৰ ভিতৰত ১৪ টাকৈ পৰিয়াল গৰাখহনীয়াৰ কৱলত অন্য ঠাইলৈ যাব লগা হ’ল ৷ গৰাখহনীয়া ৰোধৰ বাবে ৰাইজে চৰকাৰলৈ ৰৈ নাথাকি নিজেই এনেদৰে গছ কাটি ৰছিৰে বান্ধি গৰাখহনীয়া ৰোধৰ চেষ্টা চলাইছে । যিকোনো মূহুৰ্ততে হাজোৰ মানচিত্ৰৰ পৰা নাইকিয়া হ'ব পাৰে খলিহামাৰী অঞ্চল।