অসম

assam

ETV Bharat / state

সাৰৰ ছিণ্ডিকেটে কপাইছে ৰঙিয়া, হাহাকাৰ পৰিস্থিতি কৃষক ৰাইজৰ - কৃষকক বিক্ৰী

ৰঙিয়াৰ নগৰৰ সমীপতে থকা দুখনকৈ সাৰৰ বিপনী ডাইমণ্ড নাৰ্চাৰী আৰু ভাৰত কৃষি বীজ ভাণ্ডাৰে দীৰ্ঘদিন ধৰি চলাই আহিছে সাৰৰ বৃহৎ ছিণ্ডিকেট ৷ অভিযোগ অনুসৰি ইউৰিয়া সাৰৰ বজাৰ মূল্যতকৈ দুগুণ অথবা তিনিগুণ মূল্য নিৰ্ধাৰণ কৰি দৰিদ্ৰ কৃষকক বিক্ৰী কৰি আহিছে দুয়োখন বিপনীয়ে ।

over rate fertilizer
সাৰৰ চিণ্ডিকেটে কপাইছে ৰঙিয়া

By

Published : Nov 16, 2020, 2:04 PM IST

ৰঙিয়া, 16 নৱেম্বৰঃৰাজ্যত এতিয়াও অব্যাহত আছে কৃষি ক্ষেত্ৰত ব্যৱহাৰ হোৱা সাৰৰ ছিণ্ডিকেট ৷ যাৰ ফলস্বৰূপে সাৰৰ অত্যধিক দামে বাৰুকৈয়ে চিন্ততিত কৰি তুলিছে সাধাৰণ কৃষিজীৱি ৰাইজক ৷

ৰঙিয়াৰ ৰাইজে নগৰৰ সমীপতে থকা দুখনকৈ সাৰৰ বিপনী ডাইমণ্ড নাৰ্চাৰী আৰু ভাৰত কৃষি বীজ ভাণ্ডাৰৰ বিৰুদ্ধে উত্থাপন কৰিছে বৃহৎ ছিণ্ডিকেট চলোৱাৰ অভিযোগ । ৰাইজৰ অভিযোগ অনুসৰি ইউৰিয়া সাৰৰ বজাৰ মূল্যতকৈ দুগুণ অথবা তিনিগুণ মূল্য নিৰ্ধাৰণ কৰি দৰিদ্ৰ কৃষকক বিক্ৰী কৰি আহিছে দুয়োখন বিপনীয়ে । তদুপৰি কৃষি বীজ ভাণ্ডাৰ দুখনে কৃষি বিভাগ আৰু প্ৰশাসনৰ চকুৰ সন্মুখতে সাৰৰ ছিণ্ডিকেট বঢ়োৱাই লুণ্ঠন চলাই আহিছে বুলিও মন্তব্য প্ৰকাশ কৰিছে স্থানীয় লোকে ।

ডাইমণ্ড নাৰ্চাৰী সাৰৰ বিপনী

উল্লখ্য যে, ৪৫ কেজিৰ এক বস্তা ইউৰিয়া সাৰৰ বজাৰ মূল্য ২৬৬ টকা ৷ কিন্তু ৰঙিয়াৰ ডাইমণ্ড নাৰ্চাৰী আৰু ভাৰত কৃষি বীজ ভাণ্ডাৰে সাৰৰ এখন ক'লা বজাৰ খুলি নিজ ইচ্ছামতে দাম লৈছে বুলি ক্ষোভ প্ৰকাশ কৰিছে কেইবাজনো ক্ষুদ্ৰ কৃষকে ৷

সাৰৰ চিণ্ডিকেটে কপাইছে ৰঙিয়া

সমান্তৰালভাৱে দীৰ্ঘদিনীয়া লকডাউনে জুৰুলা কৰা খেতিয়ক সকলে অত্যধিক মূল্যত ইউৰিয়া সাৰ ক্ৰয় কৰিব লগা হোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ পৰিলক্ষিত হৈছে । এই ক্ষেত্ৰত প্ৰশাসন আৰু কৃষি বিভাগৰ হস্তক্ষেপ বিচাৰি দৰিদ্ৰ খেতিয়কক লুণ্ঠন চলোৱা ডাইমণ্ড নাৰ্চাৰী আৰু ভাৰত কৃষি বীজ ভাণ্ডাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰঙিয়াৰ আছু সমিতিয়ে ।

লগতে পঢ়কঃজম্মু-কাশ্মীৰৰ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বত অনুৰাগ ঠাকুৰ

ABOUT THE AUTHOR

...view details