ৰঙিয়াত অগপৰ সাংগঠনিক সভা ৰঙিয়া, ২০ ফেব্ৰুৱাৰী:ৰঙিয়া অগপ কাৰ্যালয়ত মহিলা পৰিষদ ,ৰঙিয়া বিধান পৰিষদ আৰু অগপ বিধান পৰিষদৰ উদ্যোগত দেওবাৰে এখন বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয় (AGP Meeting in Rangia)। এই সভাখন সঞ্চালনা কৰে মহিলা পৰিষদৰ ৰঙিয়া বিধান পৰিষদৰ সভানেত্ৰী মণিকা বড়োৱে । সভাখনৰ উদ্দেশ্য বাখ্যা কৰে মহিলা পৰিষদৰ সম্পাদিকা মালবিকা দাসে । আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আয়োজন কৰা এই সভাখনত উপস্থিত থাকে অগপ দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰ্ণৱ ভৰালী ।
ভাষণ প্ৰসংগত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰ্ণৱ ভৰালীয়ে কয় যে সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে দলৰ ভেটি শক্তিশালী কৰিব লাগিব (Preparation of AGP on Panchayat election)। নিজৰ ভৰিৰ ওপৰত থিয় দিয়াৰ প্ৰবণতাৰে দলটোক শক্তিশালী কৰিবলৈ আগবাঢ়িলেহে যিকোনো দলীয় প্রতিযোগীতামূলক কার্যত সফলতা লাভ কৰিব পৰা যাব বুলি তেওঁ কয় । লগতে অগপ নেতাগৰাকীয়ে প্ৰতিখন পঞ্চায়তত ৰাইজৰ অভাৱ অভিযোগৰ লগত একাত্মভাৱে কাম কৰি যাবলৈ দলীয় মহিলা কৰ্মী সকলক আহ্বান জনাই কয় যে পূৰ্বৰ অগপ চৰকাৰৰ দিনত ৰঙিয়া সমষ্টিটোত আধুনিক ৰঙিয়াৰ আন্তঃগাঠনি নিৰ্মাণ হৈছিল । সেয়েহে ৰাইজে আজিও অগপ দলক মৰম কৰে ।
এই সভাখনত দলটোৰ ৰঙিয়া বিধান পৰিষদৰ সভাপতি লীলাধৰ শালৈয়ে কয় যে ৰঙিয়াত দলৰ ভেটি আজিও সৱল হৈ থকা বাবে যুৱ আৰু মহিলাসকল দলৰ প্ৰতি ধাৱমান হৈছে । লগতে ৰঙিয়াত দলটোৱে ক্ৰমশ অগ্ৰগতি লাভ কৰা বুলি উল্লেখ কৰি অগপ নেতাগৰাকীয়ে লগতে কয় যে সমাগত পঞ্চায়ত নিৰ্বাচনত ৰঙিয়াত অগপ দলে নির্ণায়ক ভূমিকা লব পাৰিব । সভাখনত মহিলা পৰিষদৰ সম্পাদিকা চন্দনা কলিতাই কয় যে সমাজ পৰিৱৰ্তনৰ ক্ষেত্ৰত মহিলাসকলে সদায় মুখ্য ভুমিকা গ্ৰহণ কৰি আহিছে । সমাগত পঞ্চায়ত নিৰ্বাচনত দলটোক আগবঢ়াই নিবলৈ মহিলাসকলে প্ৰতিটো পঞ্চায়তত আত্মনিয়োগ কৰিব লাগিব বুলি তেওঁ কয় ৷
এই সভাখনতে অগপ নেতা গোলক দাসে কয় যে অগপ এটা ধৰ্ম নিৰপেক্ষ দল । অগপই ধৰ্মক লৈ কেতিয়াও ৰাজনীতি কৰা নাই আৰু নকৰে । অগপ দলটো এটি ৰঙীন ছাটি, যি ছাটিৰ তলত সকলো জাতি ধৰ্মৰ লোকে আশ্ৰয় ল'ব পাৰে আৰু ভৱিষ্যতলৈও পাৰিব বুলি তেওঁ কয় । সভাত অগপ নেতা যাদব কলিতা, প্রদীপ বড়ো, অগপ ৰঙিয়া বিধান পৰিষদৰ সম্পাদক জন্মিৰাম শালৈৰ লগতে দলটোৰ নেতা আৰু কৰ্মী সকল উপস্থিত থাকে ।
লগতে পঢ়ক:Sarbananda Sonowal in Majuli: যোৰহাট-মাজুলী সংযোগী দলং নিৰ্দিষ্ট সময়ত সমাপ্ত কৰিবলৈ নিৰ্দেশ