ৰঙিয়া, 23 অক্টোবৰ :অসাধু চক্ৰৰ বিৰুদ্ধে সক্ৰিয় অসম আৰক্ষী ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ ৰঙিয়াত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । এইবাৰ ৰঙিয়া আৰক্ষীৰ অভিযানত বহু পৰিমাণৰ ড্ৰাগছসহ আটক হৈছে দুজন ব্যক্তি ৷
ৰঙিয়াত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৰঙিয়াৰ উদিয়ানা বালাগাঁৱত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি শুকুৰবাৰে দুই ড্ৰাগছ সৰবৰাহকাৰী যুৱকক হাতে-লোটে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে দুই সৰবৰাহকাৰীৰ কবলৰ পৰা নগদ ১০ হাজাৰ টকা, ৭.৯ গ্ৰাম ওজনৰ ড্ৰাগছ, দুটা চিৰিঞ্জ, ৫০ টা কণ্টেইনাৰসহ ৮ টাকৈ ম’বাইল জব্দ কৰিবলৈ সক্ষম হয় ।
লগতে পঢ়ক :উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল গুৱাহাটী পৌৰ নিগমৰ সহকাৰী অভিযন্তা
আটকাধীন দুই ড্ৰাগছ সৰবৰাহকাৰী ক্ৰমে উদিয়ানা বালাগাঁৱৰ মুকুট আলী আৰু আৰিফুৰ ৰহমান বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷ এই অভিযানৰ উমান পাই ঘটনাস্থলীৰ পৰা আন দুই ড্ৰাগছ সৰবৰাহকাৰী পলাই যাবলৈ সক্ষম হয় । আৰক্ষীয়ে এই সৰবৰাহত ব্যৱহাৰ কৰা AS 01 EK 0192 নম্বৰৰ এখন স্কুটী জব্দ কৰিবলৈ সক্ষম হয় ।
অধিক তথ্যৰ বাবে দুই সৰবৰাহকাৰীৰ ইতিমধ্যে জেৰা অব্যাহত ৰখা হৈছে । উল্লেখ্য যে, ৰঙিয়াৰ উদিয়ানা, বালাগাঁও, ৰঙিয়া ষ্টেচন, জয়ন্তীপুৰত সুলভ মূল্যত উপলব্ধ হৈছে নিষিদ্ধ ড্ৰাগছ । আৰক্ষীৰ কঠোৰ অভিযানৰ পিছতো সম্পূৰ্ণৰূপে নিৰ্মূল হোৱা নাই নিষিদ্ধ ড্ৰাগছৰ ক’লা বেহা ।
লগতে পঢ়ক :ড্ৰাগছসহ আৰক্ষীৰ জালত আছাম ৰাইফলছৰ তিনি জোৱান