ৰঙিয়া,3 জুলাই: কামৰূপ জিলাৰ ৰঙিয়াস্থিত স্বস্তি হাস্পতালত এগৰাকী নাৰ্চৰ দেহত ধৰা পৰিছে Covid 19 ৰ উপস্থিতি ৷ গণ সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ মুৰাৰাস্থিত হাস্পতালখনৰ বহিঃৰ্বিভাগটো সাময়িকভাৱে বন্ধ কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে ৷ সমান্তৰালকৈ প্ৰশাসনে সমগ্ৰ হাস্পতাল চৌহদটো চেনিটাইজ কৰাৰ লগতে আক্ৰান্তৰ সংস্পৰ্শলৈ অহা অন্য দহগৰাকী নাৰ্চক কোৱাৰেণ্টাইন কৰাৰ ব্যৱস্থা কৰে ৷ পূৰ্বতে চিকিৎসালয়খনৰ তিনিগৰাকী ৰোগীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷
প্ৰশাসনৰ নিৰ্দেশত বন্ধ স্বস্তি হাস্পতালৰ বহিঃৰ্বিভাগ - Community Spread Covid 19
কৰ’ণা মহামাৰীৰ গণ সংক্ৰমণ ৰোধৰ উদ্দেশ্যে প্ৰশাসনে অস্থায়ীৰূপে বন্ধ কৰে ৰঙিয়াস্থিত স্বস্তি হাস্পতালৰ বহিঃৰ্বিভাগ ৷ চিকিৎসালয়খনত কৰ্মৰত এগৰাকী নাৰ্চৰ দেহত Covid 19 ৰ উপস্থিতি ধৰা পৰাৰ পিছত প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰে ৷
প্ৰশাসনৰ নিৰ্দেশত বন্ধ স্বস্তি হাস্পতালৰ বহিৰ্বিভাগ