উত্তৰ গুৱাহাটী, 4 ছেপ্টেম্বৰঃ ভয়ংকৰ নাও দুৰ্ঘটনাত মৃত্যু হোৱা অংকিতা,দিম্পী,ৰাহুল আৰু কমলক স্মৰণ কৰাৰ উদ্দেশ্য ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হৈছে। উত্তৰ গুৱাহাটীৰ সচেতন যুৱ মঞ্চৰ উদ্যোগত নাও দুৰ্ঘটনাস্থলীৰ সমীপত আয়োজন কৰা হৈছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৷ অনুষ্ঠানটোৰ মূল কাৰ্যসূচী সৰ্বধৰ্ম প্ৰাৰ্থনা আৰু বন্তি প্ৰজ্বলন।
উত্তৰ গুৱাহাটীবাসীয়ে স্মৰণ কৰিব অংকিতা,দিম্পী, ৰাহুল আৰু কমলক - শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
৫ ছেপ্টেম্বৰ উত্তৰ গুৱাহাটীবাসীয়ে কেতিয়াও পাহৰিব নোৱাৰা এটা শিহৰণকাৰী দিন। ২০১৮ চনৰ ৫ ছেপ্টেম্বৰতেই উত্তৰ গুৱাহাটীত সংঘটিত হৈছিল ভয়ংকৰ নাও দুৰ্ঘটনা । অংকিতা,দিম্পী,ৰাহুল আৰু কমলক স্মৰণ কৰাৰ উদ্দেশ্য ৫ ছেপ্টেম্বৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন ৷
উত্তৰ গুৱাহাটীবাসীয়ে স্মৰণ কৰিব অংকিতা, দিম্পী, ৰাহুল আৰু কমলক
২০১৮ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়ংকৰ নাও দুৰ্ঘটনা সলিল সমাধি ঘটা অংকিতা বৰা,দিম্পী বৰা,ৰাহুল আলী আৰু কমল ৰজকৰ মৃত্যু উত্তৰ গুৱাহাটীৰ বাবে কেতিয়াও সাধাৰণ মৃত্যু নহয় বুলি মন্তব্য কৰে সচেতন যুৱ মঞ্চই ৷