ৰঙিয়া,3 জুনঃ ৰঙিয়াৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰ,নাম বাদল দাস ৷ দশম শ্ৰেণীৰ ছাত্ৰ বাদলে সাজি উলিয়াইছে স্বয়ংচালিত হেণ্ডৱাশ্ব যন্ত্ৰ ৷ ৰঙিয়াৰ তুলসীবাৰী শংকৰদেৱ শিশু নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰ বাদলে কৰ'ণা ভাইৰাছৰ ক্ষেত্ৰত ল'বলগীয়া সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখি এই স্বয়ংচালিত ছেনিটাইজাৰ নিৰ্গমণ আৰু হেণ্ডৱাশ্ব যন্ত্ৰ সাজি উলিয়াইছে । ঘৰৰ পেলনীয়া সামগ্ৰী আৰু সামান্য যন্ত্ৰপাতিৰে প্ৰতিভাসম্পন্ন ছাত্ৰ বাদলে সাজি উলিয়াইছে এই বিশেষ মেচিনটো ৷ মেচিনটোৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে হেণ্ডৱাশ্ব নিৰ্গমণ হোৱাৰ লগতে স্বয়ংক্ৰিয়ভাৱে পানী ওলাই আহে টেপেৰে ৷
পেলনীয়া সামগ্ৰীৰে স্বয়ংচালিত হেণ্ডৱাশ্ব যন্ত্ৰ নিৰ্মাণ দশম শ্ৰেণীৰ ছাত্ৰৰ - প্ৰতিভাসম্পন্ন ছাত্ৰ বাদল দাস
ঘৰৰ পেলনীয়া সামগ্ৰী আৰু সামান্য যন্ত্ৰপাতিৰে প্ৰতিভাসম্পন্ন ছাত্ৰ বাদলে সাজি উলিয়াইছে এটা বিশেষ মেচিন ৷ মেচিনটোৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে হেণ্ডৱাশ্ব নিৰ্গমণ হোৱাৰ লগতে স্বয়ংক্ৰিয়ভাৱে পানী ওলাই আহে টেপেৰে ৷

পেলনীয়া সামগ্ৰীৰে স্বয়ংচালিত হেণ্ডৱাশ্ব যন্ত্ৰ নিৰ্মাণ দশম শ্ৰেণীৰ ছাত্ৰৰ
পেলনীয়া সামগ্ৰীৰে স্বয়ংচালিত হেণ্ডৱাশ্ব যন্ত্ৰ নিৰ্মাণ দশম শ্ৰেণীৰ ছাত্ৰৰ
অতি কম খৰছত আৰু সীমিত সাধনেৰে এই মেচিনটো সাজি উলিয়াই দৰিদ্ৰ পৰিয়ালৰ সন্তান বাদলে নিজৰ উদ্ভাৱনী শক্তিৰ পৰিচয় দাঙি ধৰিছে ৷ ইয়াৰ পূৰ্বেও সপ্তম শ্ৰেণীতে প্ৰতিভাৱান ছাত্ৰগৰাকীয়ে পেলনীয়া সামগ্ৰীৰে এ.টি.এম মেচিন নিৰ্মাণ কৰি চমক সৃষ্টি কৰিছিল ৷
লগতে পঢ়কঃ দক্ষিণ কোৰিয়াৰ চেনিটাইজাৰ মেচিনেৰে মংগলদৈ চহৰ চেনিটাইজ