বকো, 3 ছেপ্তেম্বৰঃযোৱা নিশা বতাহ-বৰষুণৰ মাজতে ২নং উত্তৰ চেখাদাৰীত ৪৪০ ভল্টেজৰ বিদ্যুত পৰিবাহী তাঁৰ এডাল ছিঙি পৰিছিল ৷ উক্ত তাঁৰত লাগিয়ে মৃত্যু ঘটে ২নং উত্তৰ চেখাদাৰীৰ ময়জুদ্দিন আলী(৪০)নামৰ লোকজনৰ ৷ লাঙি জাল পাতিবলৈ যোৱা অৱস্থাত লোকজনে তাঁৰডাল গচকি দিয়াৰ ফলতেই এইদৰে মৃত্যুক সাৱতি লয় ৷
বকোত উন্মুক্ত বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্য়ু স্থানীয় লোকৰ - Assam: One Death due to Electrocuted
বকো সমষ্টিৰ 2ং উত্তৰ চেখাদাৰীত সংঘটিত হয় শোকাৱহ ঘটনা ৷ ছিঙি পৰি থকা উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰত লাগি মৃত্যু ঘটে এজন লোকৰ ৷
বকো বৈদ্যুতিক উপ সংমণ্ডলৰ এজন কৰ্মচাৰী বিষ্ণু দাসে বৈদ্যুতিক তাঁৰডাল পুনৰ সংযোগ কৰিবলৈ যাওঁতে ৰাইজে আৱদ্ধ কৰি ৰাখে ৷ মন্দিৰা আৰক্ষী চকীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ নিয়ন্ত্ৰণ কৰে লগতে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে ৷
বকো বৈদ্যুতিক উপ সংমণ্ডলৰ বিষয়া হিমু কলিতাই জনাই যে, তেওঁলোকক বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি পৰি থকা বুলি গাঁৱৰ পৰা জনোৱা নাছিল । ঘটনা সংঘটিত হোৱা পিছত হে ঘটনাটোৰ বিষয়ে তেওঁলোকে অৱগত হয় । লগতে তেওঁ জানিবলৈ দিয়ে যে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত হে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।