অসম

assam

ETV Bharat / state

Road accident at Rangia : মৰাণজানাত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - পূৱপাৰ আঞ্চলিক ৰঙালী বিহু কমিটিৰ সদস্যৰ মৃত্যু

ৰঙালী বিহুৰ আনন্দ-উল্লাসৰ মাজতে ৰঙিয়াত সংঘটিত হয় পথ দুৰ্ঘটনা(Road accident at Rangia) । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ মৰাণজানাত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত হ’ল এগৰাকী ব্যক্তি(One person died in a road accident in Rangia) ৷

one-person-died-in-a-road-accident-at-rangia
পথ দুৰ্ঘটনা

By

Published : Apr 16, 2022, 1:34 PM IST

ৰঙিয়া, 16 এপ্ৰিল :ৰাজ্যবাসী ৰঙালীৰ আনন্দ-উছাহত মতলীয়া হৈ থকাৰ সময়তে ৰঙিয়ালৈ আহিলে এটি দুঃখবৰ ৷ শনিবাৰে পুৱা ৰঙিয়াৰ সমীপৱৰ্তী মৰাণজানাৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা(Road accident at Rangia) ৷ য’ত থিতাতে মৃত্যুবৰণ কৰে এজন লোকে(One person died in a road accident at Rangia) ৷

প্ৰাপ্ত তথ্য অনুসৰি, পূৱপাৰ আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ অন্যতম সদস্য তথা ৰঙিয়াৰ হাহাৰা নিবাসী ডিম্বেশ্বৰ কলিতা(32) নামৰ লোকজনে বিহুলৈ আমন্ত্ৰিত অতিথিক ঘৰত থ’বলৈ বুলি ৰঙিয়ালৈ গৈছিল ৷ অতিথিক ঘৰত নমাই পুনৰ ব্যক্তিগৰাকী বিহুথলীলৈ উভতি অহাৰ পথতে সংঘটিত হয় দুৰ্ঘটনাটো ৷

ৰঙালীৰ ৰঙৰ মাজতে পথ দুৰ্ঘটনা

গুৱাহাটী অভিমুখী PB 11 CF 5624 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়ে কলিতাক ৷ যাৰ ফলত থিতাতে মৃত্যু ঘটে লোকজনৰ ৷ মূহুৰ্ততে এই খবৰ বিয়পি পৰাৰ লগতে পূৱপাৰ আঞ্চলিক ৰঙালী বিহু কমিটিয়ে বিহুৰ সকলো ধৰণৰ কাৰ্যসূচী বাতিল কৰে ৷

ক্ৰমাৎ যেন "কিলাৰ হাইৱে" লৈ পৰিণত হৈছে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ বিগত কিছুদিনৰ সামগ্ৰিক তথ্য লক্ষ্য কৰিলে দেখা যাব যে, 31 নং ৰাষ্ট্ৰীয় ঘাইপথত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছে ৷ য’ত বহুকেইজন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৷

লগতে চাওক:পহিলা ব’হাগৰ দিনাই মাণিকপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা; আহত 4

ABOUT THE AUTHOR

...view details