ৰঙিয়া, 5 মে’: ৰঙিয়াত মঙলবাৰে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় এজন লোকৰ ৷ মঙলবাৰে ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত মৃত্যু হয় লোকজনৰ ৷
মৃত লোকজন ৰঙিয়াৰ বনগাঁৱৰ কুশল চৌধুৰী (54) বুলি জানিব পৰা গৈছে ৷ সোমবাৰে কুশল চৌধুৰীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত তেওঁৰ দেহত ধৰা পৰিছিল ক’ভিডৰ অৱস্থিতি । লোকজনে নিজ বাসগৃহতে আইচ’লেশ্বনত থাকে যদিও মঙলবাৰে অধিক স্বাস্থ্যৰ অৱনতি ঘটে ।