অসম

assam

ETV Bharat / state

ৰঙিয়াত বিদ্যুতৰ খুঁটা পৰি থিতাতে নিহত যুৱক

বানৰ মাজতে বিদ্যুতৰ খুটা পৰি থিতাতে নিহত হয় এজন যুৱক ৷ উক্ত ঘটনাটোৰ বাবে এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷

By

Published : Jul 12, 2020, 10:07 PM IST

One Person Dead by Falling Down Electricity Post At Rangia
ৰঙিয়াত বিদ্যুৎৰ খুটা পৰি থিতাতে নিহত এজন যুৱক

ৰঙিয়া, 12 জুলাইঃ প্ৰলয়ংকাৰী বানৰ মাজতে ৰঙিয়াত সংঘটিত হয় শোকাবহ এটা ঘটনা ৷ বিদ্যুৎ বিভাগৰ খুঁটা পৰি থিতাতে নিহত এজন যুৱক ৷

ৰঙিয়াত বিদ্যুৎৰ খুটা পৰি থিতাতে নিহত এজন যুৱক

প্ৰলয়ংকাৰী বানৰ মাজতে ৰঙিয়া মহকুমাধিপতি পথৰ শৌলমাৰীত বিদ্যুৎ বিভাগৰ লাইনৰ খুঁটা পৰি থিতাতে নিহত যুৱক । নিহত যৱকজন হৈছে ৰঙিয়াৰ হিৰাগাটাৰ জহৰ আলী (৩৪) । দিন হাজিৰা কৰা জহৰ আলীয়ে কাম শেষ কৰি ঘৰলৈ ওভতাৰ সময়তে সংঘটিত হয় এই দূৰ্ঘটনা । উল্লেখ্য যে, প্ৰলয়ংকাৰী বানৰ সোঁতত উভালি পৰে বিদ্যুতৰ খুঁটাটো । এবুকু পানীৰ মাজেৰেই ঘৰলৈ গৈ আছিল জহৰ আলী । বিদ্যুতৰ পকী খুঁটাটো জহৰৰ গাৰ ওপৰতে হঠাৎ পৰি যোৱাত কৰুণভাবে মৃত্যুক আকোৱালি লয় যুৱকজনে । স্থানীয় লোকে কোনোমতে বানৰ প্ৰবল সোঁতৰ পৰা মৃতদেহটো উদ্ধাৰ কৰে ।

উল্লেখযোগ্য যে, ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়লৈ যোৱা গড়কাপ্তানী পথটোত বৰ্তমান এবুকু পানী । ৰাইজে এবুকু পানীৰ মাজেৰেই বিপদ সংকুলভাবে যাতায়ত কৰিবলৈ বাধ্য হৈছে যদিও প্ৰশাসনৰ ফালৰ পৰা বৰ্তমানেলৈকে কোনো উপযুক্ত ব্যৱস্থা লোৱা নাই বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকসকলে ।

লগতে পঢ়ক-ক্ৰমাৎ শোচনীয় হৈছে কমলপুৰৰ বান পৰিস্থিতি

ABOUT THE AUTHOR

...view details