অসম

assam

By

Published : May 2, 2020, 6:42 PM IST

ETV Bharat / state

কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ যুৱক

যোৱা ১৭ মাৰ্চত ছয়গাঁৱত এদল লোকে এগৰাকী আৰক্ষী কনিষ্টবলক মাৰপিট কৰাৰ অভিযোগত ৰুজু হোৱা গোচৰৰ ভিত্তিত, শনিবাৰে গাঁওখনৰে কল্প চৌধুৰী নামৰ এগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় । উল্লেখ্য যে, এই ঘটনাৰ লগত জড়িত কেইবাগৰাকীও লোকক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

one person arrested in chaygaon for attacking on duty cop
one person arrested in chaygaon for attacking on duty cop

ছয়গাঁও, 2 মে': কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত শুকুৰবাৰে নিশা ছয়গাঁৱত এগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় । গ্ৰেপ্তাৰ কৰা লোকগৰাকী ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত ২ নং জীয়াকুৰ গাঁৱৰ কল্প চৌধুৰীবুলি জানিব পৰা গৈছে ।

ছয়গাঁৱত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

উল্লেখ্য যে, যোৱা ১৭ মাৰ্চত কুকুৰমাৰা পহৰা আৰক্ষী চকীৰ কনিষ্টবল জয়চৰণ কলিতাক কৰ্তব্যৰত অৱস্থাত এদল লোকে আক্ৰমণ কৰিছিল । উক্ত ঘটনা সন্দৰ্ভত ছয়গাঁও আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ অধীনৰ ২৯৪/৩৩৩/৩৫৩/৪২৭/৫০৬/৩৪/৩০৭ ধাৰাত, ২৯৩/২০২০ নম্বৰত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছিল ।

ইতিমধ্যে এই ঘটনাত জড়িত থকাৰ অপৰাধত ২ নং জীয়াকুৰ গাঁৱৰে ক্ষীৰোদ চৌধুৰী, মনোজ তালুকদাৰ আৰু নিকুঞ্জ সাউদক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে । এই ঘটনাত অভিযুক্ত আন এজন লোক বৰ্তমানেও পলাতক অৱস্থাত আছে । যোৱা ১৭ মাৰ্চত গাঁওখনলৈ এটা দুৰ্ঘটনাৰ সময়ত যোৱা আৰক্ষীৰ মাজৰ এগৰাকী কৰ্তব্যৰত আৰক্ষীক মাৰপিট কৰিছিল এদল লোকে ।

লগতে পঢ়কঃলক্ ডাউন-2ঃ সপ্তদশ দিনটোত ক'ত কি ঘটিল !

ABOUT THE AUTHOR

...view details