ছয়গাঁও,11 জুন:দক্ষিণ কামৰূপৰ ছয়গাঁৱত কৰ’ণাৰ আতংক ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কৰ্মৰত ছয়গাঁৱৰ এজন যুৱকৰ দেহত ধৰা পৰিছে ভাইৰাছবিধৰ উপস্থিতি ৷ দীৰ্ঘদিন ধৰি জিএমচিএইচত কৰ্মৰত যুৱকজনে কৰ্ম সম্পাদন কৰি বিগত 9 জুনত ছয়গাঁৱস্থিত বাসগৃহলৈ উভটিছিল ৷ অৱশেষত বুধবাৰে যুৱকজনৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত দেহত Covid-19 ৰ উপস্থিতি ধৰা পৰে ৷
ছয়গাঁৱত স্বাস্থ্যকৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ - GMCH
কামৰূপৰ ছয়গাঁৱত এগৰাকী স্বাস্থ্য কৰ্মী আক্ৰান্ত হৈছে কৰ’ণা ভাইৰাছৰ দ্বাৰা ৷ স্বাস্থ্য কৰ্মীগৰাকী বসবাস কৰা অঞ্চলটো ইতিমধ্যে ছীল কৰিছে প্ৰশাসনে ৷
![ছয়গাঁৱত স্বাস্থ্যকৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ One more health worker tested covid 19 positive chaigaon kamrup assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7570378-thumbnail-3x2-a.jpg)
স্বাস্থ্যকৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ
স্বাস্থ্যকৰ্মীৰ দেহত কৰ’ণা ভাইৰাছ
এই খবৰ লাভ কৰা মাত্ৰকে হোম কোৱাৰেণ্টাইনত থকা যুৱকজনক কামৰূপ জিলা উপায়ুক্তৰ উপস্থিতিত চিকিৎসকৰ এটা দলে জিএমচিএইচলৈ প্ৰেৰণ কৰে ৷ লগতে বৃহস্পতিবাৰে সমগ্ৰ অঞ্চলটো চেনিটাইজৰ ব্যৱস্থা কৰি প্ৰশাসনে যুৱকজনৰ সংস্পৰ্শলৈ অহা প্ৰায় ১৮গৰাকী ব্যক্তিৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ উক্ত অঞ্চলটো সম্প্ৰতি কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে ছয়গাঁৱত ৷