ছয়গাঁৱত জাপানিজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ
জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ এজনৰ পাছত এজনকৈ মৃত্যু ছয়গাঁৱত, প্ৰশাসনক ব্যৱস্থা গ্ৰহৰ দাবী
ছয়গাঁও, 20 জুলাইঃ ছয়গাঁৱৰ 2 নং জামবাৰীত জাপানিজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ শনিবাৰে জি এম চি এইছত ফাতেমা বেগম নামৰ এটা 7 বছৰীয়া শিশুৰ মৃত্যু হয় । উল্লেখযোগ্য যে, এই ৰোগত আক্ৰান্ত হৈ যোৱা 18 জুলাইত ফজল আলী (15) নামৰ আন এটা কিশোৰৰ মৃত্যু হৈছিল । ইয়াৰোপৰি নাছিৰ আলী (36) নামৰ ছয়গাঁৱৰে অন্য এজন লোকো জি এম চি এইচত চিকিৎসাধীন হৈ আছে । জাপানিজ এনকেফেলাইটিছৰ এনে সংহাৰী ৰূপ দেখি শংকিত হৈ পৰা ৰাইজে অঞ্চলটোত ফোগিং মেচিনেৰে ধোৱা বিয়পাবলৈ প্ৰশাসনক আহ্বান জনোৱাৰ লগতে তেজ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাইছে ।