বকো,22ফেব্ৰুৱাৰী:বকোৰ সোণতলীৰ মাহতলীত সংঘটিত হয় এক দুৰ্ঘটনা ৷ খেতিপথাৰত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰভাৱে আহত কৃষক ৷ ঘটনা অনুসৰি, মুছলিম উদ্দিন নামৰ লোকজনে নিজ খেতিপথাৰত হাল বোৱা কামত নিয়োগ কৰিছিল ট্ৰেক্টৰখন ৷ কিন্তু কৃষকজনে আন কামত মনোযোগ দি থাকোতে পাচফালৰ পৰা আহি প্ৰচণ্ড জোৰে খুন্দা মাৰে ট্ৰেক্টৰখনে ৷ যাৰ ফলত গুৰুতৰ ভাৱে আহত হয় কৃষকজন ৷ ততাতৈয়াকৈ মুছলিম উদ্দিনক সোণতলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে।
বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক - GMCH লৈ প্ৰেৰণ
বকোৰ সোণতলীৰ মাহতলীত ট্ৰেক্টৰৰ খুন্দাত গুৰুতৰভাৱে আহত কৃষক ৷ নিজ খেতিপথাৰতে নিয়োগ কৰা ট্ৰেক্টৰৰ খুণ্ডাত আঘাটপ্ৰাপ্ত হয় মুছলিম উদ্দিন নামৰ কৃষকজন ৷ সংকটজনক অৱস্থাত GMCH লৈ প্ৰেৰণ কৰে চিকিৎসকে।
![বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10731609-thumbnail-3x2-cvsdghzf.jpg)
বকোৰ সোণতলীত ট্ৰেক্টৰৰ খুন্দাত আহত কৃষক