পাঠশালা, ৩০ জুন:বজালীৰ বাগনাত এক শোকাৱহ ঘটনা ৷ জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে এগৰাকী 15 বছৰীয়া ছাত্ৰী ৷ মৃত অংকিতা দাস বাগনা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল ৷ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাছতেই জাপানী এনকেফেলাইটিছক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ছাত্ৰীগৰাকীৰ ৷
পাঠশালাত চিকিৎসকৰ ভুলৰ বাবেই মৃত্যু কিশোৰীৰ - পাঠশালা
কৰিমগঞ্জ আৰু মাজুলীৰ পিচতেই বজালীত জাপানী এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এগৰাকী 15 বছৰীয়া ছাত্ৰীৰ ৷
এনকেফেলাইটিছঃ মৃত্যু 15 বছৰীয়া কিশোৰীৰ
লক্ষ্যণীয় যে, পাঠশালা চিকিৎসকৰ বিৰুদ্ধে ভুল চিকিৎসাৰ অভিযোগ উত্থাপন পৰিয়ালবৰ্গৰ ৷ কাৰণ জাপানী এনকেফেলাইটিছ ৰোগ চিনাক্ত কৰিব নোৱাৰি ভুল চিকিৎসা প্ৰদান কৰিছিল পাঠশালাৰ চিকিৎসকে ৷ যাৰ বাবে মৃত্যুক আঁকোৱালি ল’বলগীয়া হোৱা বুলি পৰিয়ালে গুৰুত্বৰ অভিযোগ উত্থাপন কৰে ৷