অসম

assam

By

Published : May 4, 2021, 1:58 PM IST

Updated : May 4, 2021, 3:05 PM IST

ETV Bharat / state

বকোত দুৰ্বৃত্তৰ গুলীত নিহত এজন গাৰো লোক

বকোৰ জাৰিহাটৰ সমীপৰ গাৰোজানত নিশা চাৰি দুৰ্বৃত্তই AK 47 ৰে গুলিয়াই হত্যা কৰে এজন লোকক ৷ নিহত লোকজনৰ নাম উলিয়াম ওৰফে চেংচা চাংমা বুলি জানিব পৰা গৈছে ৷

বকোত AK 47ৰ গুলীত নিহত এজন গাৰো লোক
বকোত AK 47ৰ গুলীত নিহত এজন গাৰো লোক

বকো, 4 মে’ : বকোৰ জাৰিহাটৰ সমীপৰ গাৰোজানত নিশা অঘটন । নিশা চাৰি দুৰ্বৃত্তই AK 47 ৰে গুলিয়াই হত্যা কৰে এজন লোকক । গুলিত নিহত হোৱা লোকজনৰ নাম উলিয়াম ওৰফে চেংচা চাংমা ৷

নিহত উলিয়ামৰ ঘৰ মেঘালয়ৰ টুৰাত ৷ স্থানীয় ৰাইজে জনোৱা মতে, শনিবাৰে উলিয়াম বকোৰ গাৰোজানৰ বিটিচন মাৰকৰ ঘৰলৈ আহিছিল ৷ ইয়াৰ উপৰিও বিভিন্ন অপৰাধ জনিত কাৰ্যতো লিপ্ত আছিল অভিযুক্ত উলিয়াম ৷

বকোত দুৰ্বৃত্তৰ গুলীত নিহত এজন গাৰো লোক

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ কিছু সময় পাছতে ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী ৷ গাৰো উগ্ৰপন্থী সংগঠনে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ উক্ত হত্যা কাণ্ডটো অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চলত সংঘটিত হয় ৷ আনহাতে, ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক :পশ্চিমবংগৰ নিৰ্বাচনী হিংসাত নিহত বিজেপি কৰ্মী

Last Updated : May 4, 2021, 3:05 PM IST

ABOUT THE AUTHOR

...view details