বকো, 9 জুন: বকোৰ আগছিয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ছয়গাঁও অভিমুখী এখন টাটা ডি আই বাহনক পিছফালৰ পৰা খুন্দা মাৰে এজন বাইক আৰোহীয়ে ৷ ইয়াৰ পাছতে নিয়ন্ত্ৰণ হেৰুৱাই পৰি যোৱাৰ বাইক আৰোহী জনক খুন্দা মাৰে এখন ডাম্পাৰে ৷ ফলত ঘটনাস্থলীতে নিহত হয় বাইক আৰোহী নিখিল ৰাভাৰ (৪০)।
বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - বকোৰ আগছিয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা
ঘটনাস্থলীত থিতাতে নিহত হয় বাইক আৰোহী নিখিল ৰাভাৰ (৪০)।

বকোত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
জানিব পৰা মতে, নিখিল ৰাভাৰ ঘৰ বকোৰ নিচিমপুৰিত ৷ ইফালে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই উক্ত স্থানৰ পৰা পলায়ন কৰে টাটা ডিআই আৰু ডাম্পাৰ খনে । ঘটনাস্থলীত বকো আৰক্ষী উপস্থিত হৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ প্ৰেৰণ কৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়কঃকাচজান চাহ বাগিচাত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী
Last Updated : Jun 9, 2020, 1:31 PM IST