কামৰূপ,8 জুলাই : ৰাজ্যজুৰি অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ ত্ৰাস ৷ সোমবাৰে পুনৰ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু ঘটে এজন লোকৰ ৷ বাইহাটা চাৰিআলিৰ মান্দাকাটা শিমেলীবাৰী গাঁৱৰ ৰহিমুদ্দিন নামৰ এগৰাকী লোকে বিগত ২৪ জুনৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ সোমবাৰে মৃত্যুক সাৱতি লয় ।
বাইহাটাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ
অব্যাহত আছে জাপানীজ এনকেফেলাইটিছৰ ত্ৰাস ৷ বাইহাটাত সোমবাৰে পুনৰ মৃত্যু এজনৰ ৷
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজনৰ
ইপিনে প্ৰথম অৱস্থাত লোকজনক গুৱাহাটীৰ আৰ্য নাৰ্চিং হোমত চিকিৎসাধীন হৈ আছিল আৰু চিকিৎসাধীন অৱস্থাত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱা হৈছিল যদিও হাস্পতাল কৰ্তৃপক্ষই জাপানীজ এনকেফেলাইটিছ ধৰা পৰাৰ পিচতো ৰোগী গৰাকীৰ আত্মীয়ক অৱগত নকৰাৰ অভিযোগ আত্মীয়ৰ ৷ আনফালে অঞ্চলটোত জাপানীজ এনকেফেলাইটিছৰ ধৰা পৰাৰ পাচতো স্বাস্থ্য বিভাগে কোনো ধৰণৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰাৰ অভিযোগ মৃতলোকজনৰ আত্মীয়ৰ ।