অসম

assam

ETV Bharat / state

ৰঙিয়াৰ পৃথক ঘটনাত এটি শিশু আৰু সক্ৰিয় অগপ কৰ্মী নিহত - ETV BHARAT '

দিনৰ ভাগতে নিৰুদ্দিষ্ট শিশুটি স্থানীয় ৰাইজে বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ পাচত অৱশেষত মাজ নিশা ইটা ভাটাৰ পানীৰে ভৰ্তি গাঁতৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ।বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰঙিয়া কলেজৰ সমীপত ৰেলে কটাৰ ফলত মৃত্যু মুখত পৰে ৰঙিয়া নিবাসী মনেশ্বৰ কলিতা ।

-two-separate-incident

By

Published : May 2, 2019, 1:45 PM IST


ৰঙিয়া , 2 মে' : ৰঙিয়াত পৃথক পৃথক ঘটনাত নিহত এটি দেৱশিশু আৰু এজন সক্ৰিয় অগপ কৰ্মী । দুৰ্ঘটনা দুটাৰ খবৰ বিয়পি পৰাৰ লগে লগে শোকৰ ছাঁ বিয়পি পৰিছে ৰঙিয়াত।

ৰঙিয়াৰ পৃথক ঘটনাত এটি শিশু আৰু সক্ৰিয় অগপ কৰ্মী নিহত

লগতে পঢ়ক : যুৱকক অপহৰণ , হাজিৰা কৰা পিতৃৰ পৰা আঢ়ৈ লাখ টকা দাবী


বৃহস্পতিবাৰে পুৱাৰ ভাগত ৰঙিয়া কলেজৰ সমীপত ৰেলে কটাৰ ফলত মৃত্যু মুখত পৰে ৰঙিয়া নিবাসী মনেশ্বৰ কলিতা । প্ৰাতঃভ্ৰমণৰ বাবে ওলাই অহা লোকে মৃতদেহটো দেখি আৰক্ষীক খবৰ দিয়ে। কিছু সময়ৰ পাছতেই আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্ত আৰম্ভ কৰে। উল্লেখযোগ্য যে প্ৰয়াত মনেশ্বৰ কলিতা ৰঙিয়া সক্ৰিয় অগপকৰ্মী আছিল।এই দুঘটনাটোৰ পাচত ৰঙিয়াত শোকৰ ছাঁ পৰিছে।


কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰলেছাকোনাৰ সৰুগোমথা চুবুৰিত বুধবাৰে নিশা পানীৰে ভৰ্তি গাঁতত এটি শিশুৰ মৃতদেহ উদ্ধাৰ হয়। দিনৰ ভাগতে নিৰুদ্দিষ্ট শিশুটি স্থানীয় ৰাইজে বহু সময় ধৰি বিচাৰ-খোচাৰ কৰাৰ পাচত অৱশেষত মাজ নিশা ইটা ভাটাৰ পানীৰে ভৰ্তি গাঁতৰ পৰা উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ । মৃত শিশুটি গাঁওখনৰে ফিজনুৰ আলীৰ পুত্ৰ মইনুল আলি (11) । ঘৰৰ পিছফালে থকা ইটাৰ ভাটাৰ পানীৰে ভৰি থকা দ গাঁত এটাত ধাৰাসাৰ বৰষুণৰ মাজতো মাছমৰা জাল মাৰি সন্ধান চলোৱাৰ সময়তে উদ্ধাৰ হয় শিশুটিৰ মৃতদেহ ৷ দণ্ডাধীশৰ উপস্থিতিত ৰঙিয়া আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । HB নামৰ ইটা ভাটাটোৰ দায়িত্বহীনতা আৰু অৱহেলাৰ বাবে শিশুটিয়ে কৰুণ মৃত্যুক সাৱটি লব লগীয়া হয় বুলি একাংশ ৰাইজে অভিযোগ কৰিছে ।

ABOUT THE AUTHOR

...view details