ছয়গাঁও, ১৩ জুলাই :ৰাজ্যত অব্যাহত আছে অসম আৰক্ষীৰ (Assam police) ড্ৰাগছ বিৰোধী অভিযান । ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত নিষিদ্ধ ড্ৰাগছ (Illegal drugs) সৰবৰাহত জড়িত বহুলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । সমান্তৰালকৈ লাখ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ আৰু নিচাজাতীয় দ্ৰব্য জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ।
কিন্তু ইয়াৰ মাজতে আন আন অপৰাধজনিত ঘটনা সংঘটিত হৈ আছে অসমৰ ভিন্ন প্ৰান্তত । বিশেষকৈ চুৰি আৰু ডকাইতিৰ ঘটনা বহু অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে । সেয়ে অসম আৰক্ষীয়ে শেহতীয়াকৈ চুৰি, ডকাইতি আদি ঘটনাৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । কামৰূপ জিলাৰ ছয়গাঁও অঞ্চলত দিনকদিনে বৃদ্ধি পোৱা এনেধৰণৰ অনৈতিক কাৰ্য-কলাপৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।
ধাৰাবাহিক অভিযানৰ মাজতে সোমবাৰে নিশা পুনৰ ছয়গাঁও আৰক্ষী (Chaygaon Police) থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ছয়গাঁও আৰক্ষীৰ এটা দলে গৰৈমাৰীৰ হাতীশলা গাঁৱত এক অভিযান চলায় ।