ছয়গাঁও, ২২ আগষ্ট :ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে অসম আৰক্ষীৰ (Assam Police) ড্ৰাগছ বিৰোধী অভিযান । যোৱা কেইবামাহ ধৰি আৰক্ষীৰ অভিযানত অসমৰ ভিন্ন প্ৰান্তত জব্দ হৈছে যথেষ্ট পৰিমাণৰ ড্ৰাগছ (Drugs) আৰু নিচাজাতীয় সামগ্ৰী । লগতে আৰক্ষীয়ে আটক কৰিছে বহুতো সৰবৰাহকাৰী আৰু ইয়াৰ লগত জড়িত লোকসকলক ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (Himanta Biswa Sarma) নিৰ্দেশমৰ্মে সকলোতে কঠোৰ হৈছে আৰক্ষী । পিছে আৰক্ষীৰ অভিযানৰ মাজতো একাংশ দুষ্টচক্ৰই নিচাজাতীয় সামগ্ৰীৰ বেহা চলাই গৈছে । তাৰ মাজতে ঠায়ে ঠায়ে আৰক্ষীয়ে অভিযান চলাই পুনৰ জব্দ কৰিবলৈ সক্ষম হৈছে সেই নিচাজাতীয় সামগ্ৰী ।
শেহতীয়াকৈ কামৰূপ আৰক্ষীও এই ক্ষেত্ৰত যথেষ্ট পৰিমাণে সষ্টম হোৱা দেখা গৈছে । বিগত কেইবাটাও দিনত কামৰূপৰ ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে । শনিবাৰে নিশা পুনৰ ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছ বিৰোধী এক অভিযানত ড্ৰাগছসহ এজন লোকক আটক কৰিবলৈ সক্ষম হয় ।