গুৱাহাটী,27 ছেপ্টেম্বৰ : বিশ্ব পর্যটন দিৱসৰ দিনটোত গুৱাহাটীৰ ৰাজপথত চলিল 50-60 দশকৰ বহু কেইখনো পুৰণি বিলাসী গাড়ীসহ বহু কেইখন দামী বুলেট ৷ বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি চান্দমাৰী খেলপথাৰত ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংস্থা ব্যতিক্ৰম আৰু ইনষ্টিটিউট অফ এডভান্স মেনেজমেণ্টৰ সহযোগত অযোজন কৰা হৈছিল বিশ্ব পৰ্যটন দিৱস ৷ এই কাৰ্যসূচীৰ অংশস্বৰূপে আয়োজন কৰা হয় এক বাইক ৰেলী আৰু ভিনটেজ কাৰ ৰেলী ৷
সোমবাৰে পুৱাৰ ভাগত অনুষ্ঠিত হোৱা এই বাইক ৰেলী আৰু ভিনটেজ কাৰ ৰেলীৰ ফ্লেগ অফ কৰে উত্তৰ-পূৱৰ পৰ্যটন বিভাগৰ উত্তৰ পূৱৰ মহা প্ৰবন্ধক শংকৰ শুভ্ৰ দেৱবাৰ্মাই ৷ এই ৰেলীত 35 খন মটৰ চাইকেল আৰু 10 খন ভিনটেজ বাহন অংশগ্ৰহণ কৰে ৷ চান্দমাৰী খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই ৰেলী দীঘলীপুখুৰী- জালুকবাৰী-খানাপাৰা-উলুবাৰী-গুৱাহাটী ক্লাব হৈ পুনৰ চান্দমাৰী খেলপথাৰত সামৰণি পৰে ৷