অসম

assam

ETV Bharat / state

Old domestic elephant dies: ৰঙিয়াৰ বৰদলত পোহনীয়া হাতীৰ মৃত্যু - ৰঙিয়াৰ বৰদলত অসুস্থ হৈ মৃত্যু পোহনীয়া হাতীৰ

ৰঙিয়াৰ বৰদলত অসুস্থ হৈ মৃত্যু পোহনীয়া হাতীৰ ৷ ৰঙিয়া মহকুমাৰ মুক্তাপুৰৰ মহাজনৰ ঘৰত আছিল পোহনীয়া হাতীটো ৷ হঠাতে শাৰীৰিক অসুস্থ হৈ পৰা হাতীটো চিকিৎসালয়লৈ যোৱাৰ পথৰ পৰা ঘৰলৈ ওভতাৰ সময়ত মাজবাটত মৃত্যুমুখত পৰে ।

Oldest domestic elephant died
ৰঙিয়াৰ বৰদলত পোহনীয়া হাতীৰ মৃত্যু

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 6:37 PM IST

ৰঙিয়াৰ বৰদলত পোহনীয়া হাতীৰ মৃত্যু

ৰঙিয়া, ২৭ আগষ্ট:ৰঙিয়া মহকুমাৰ মুক্তাপুৰৰ ৰখা মহাজনৰ পোহনীয়া হাতীটো সোমবাৰে ৰঙিয়াৰ পৰা ঘৰলৈ ওভতাৰ পথত বৰদলত মৃত্যুমুখত পৰে । মদন নামৰ হাতীটোৰ বয়স ৭০ বছৰ বুলি জানিব পৰা গৈছে । অঞ্চলটোৰ বিভিন্ন ঘটনা, পৰিঘটনাৰ সাক্ষী মদন যোৱা কিছুদিনৰ পৰা অসুস্থ হৈ আছিল । সোমবাৰে হঠাতে শাৰীৰিক অসুস্থতা বৃদ্ধি পোৱাত গৃহস্থই মাউতৰ হতুৱাই মোহনক ৰঙিয়ালৈ লৈ আহিছিল ।

কিন্তু ৰঙিয়াৰ পৰা ঘৰলৈ ওভতাৰ পথত হাতীটোৱে বৰদলত অস্বাভাৱিক আচৰণ কৰি পুঠিমাৰী নৈৰ দাঁতিতে ঢলি পাৰে । প্ৰথমতে স্থানীয় ৰাইজৰ সহায়ত মাউতে হাতীটো উঠাবলৈ বহু চেষ্টা কৰে যদিও বিফল হয় । হাতীটো উঠাবলৈ বিফল হৈ পিচত এক্সকেভেটৰেৰে হাতীটো উদ্ধাৰ কৰিবলৈ স্থানীয় ৰাইজে যৎপৰোনাস্তি চেষ্টা চলায় । কিন্তু অৱশেষত হাৰ মানে সকলোৱে । কিছুসময় তেনেদৰে পৰি থকাৰ পিছত ৭০ বছৰীয়া হাতীটোৰ মৃত্যু হয় ।

হাতীটোৰ কি ৰোগত আক্ৰান্ত হৈ হঠাৎ অসুস্থ হৈ মৃত্যুমুখত পাৰে সেয়া বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই । খবৰটো বিয়পি পৰাত উক্ত স্থানত দুই শতাধিক লোক উপস্থিত হয় । ইফালে হাতীটো পৰি থকা ঠাইটুকুৰা পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলোৱাত পানীৰ মাজতে পৰি ৰৈছে হাতীটোৰ মৃতদেহ । বাঢ়নী পানীৰ বাবে হাতীটোৰ মৃতদেহ উদ্ধাৰ কাৰ্যতো সমস্যাত পৰে হাতীটোৰ গৃহস্থ ।

অৱশেষত নিশাটো তেনেদৰে থকাৰ পিচত মঙলবাৰে দিনৰভাগত এক্সকেভেটৰৰ সহায়ত হাতীটোৰ মৃতদেহ সেই স্থানৰ পৰা উদ্ধাৰ কৰা হয় ৷ ইয়াৰ পাচত মুক্তাপুৰৰ মহাজনৰ ঘৰৰ ওচৰতেই হাতীটোৰ শেষকৃত্য কৰা হয় । হাতীটোৰ মৃত্যুত সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক:Elephant died in Goalpara: বোকাত আৱদ্ধ হৈ বনৰীয়া হাতীৰ পোৱালিৰ মৃত্যু

ABOUT THE AUTHOR

...view details