অসম

assam

ETV Bharat / state

Old age Woman harassed by brother:সম্পত্তিৰ লোভত ভগ্নীক নিৰ্যাতন চৰকাৰী চাকৰিয়ালৰ - Inhuman act in Rangia

ক’ত হেৰাইছে মানৱতা ? ভাতৃৰ নিৰ্যাতনে অতিষ্ঠ কৰি তুলিছে এগৰাকী মহিলাক । ৰঙিয়াত সংঘটিত হৈছে এই অমানৱীয় কাণ্ড ।

Pathetic incident Rangia
ৰঙিয়াত অমানৱীয় কাণ্ড

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 4:45 PM IST

ৰঙিয়াত অমানৱীয় কাণ্ড

ৰঙিয়া, ৪ নৱেম্বৰ :ৰঙিয়াত কুলাংগাৰ ভাতৃৰ অমানৱীয় কাণ্ড । সম্পত্তিৰ লোভত ভগ্নীক এলাগী কৰি নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । চেপ্তিৰ অনিমা চক্ৰৱৰ্তী (৬০) নামৰ মহিলা গৰাকীয়ে নিজ ভাতৃৰ দ্বাৰা অৱহেলিত হৈ অতিবাহিত কৰিছে দুৰ্বিষহ জীৱন । চৰকাৰী চাকৰিয়াল ভাতৃ নৰেন চক্ৰৱৰ্তীৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি ৰঙিয়া প্ৰেছ ক্লাৱত উপস্থিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে ন্যায় বিচাৰিছে এইগৰাকী ৬০ উৰ্ধৰ অনিমা চক্ৰৱৰ্তীয়ে ।

এই মহিলাগৰাকীৰ বয়স তিনিকুৰি হৈছে । তেওঁ এটি সম্ভ্ৰান্ত পৰিয়ালৰ একমাত্ৰ জীয়ৰী আছিল । পিতৃ-মাতৃ, ভাতৃৰ সৈতে এখন ভৰা সংসাৰ আছিল । কিন্ত সময়ে যেন সকলো সলনি কৰি পেলালে । বিয়া নোহোৱাকৈ নিজৰ মাতৃগৃহৰ মৰমত থাকি গ'ল অনিমা । কিন্তু পিতৃ-মাতৃৰ মৃত্যুৰ পাছতেই অনিমা চক্ৰৱৰ্তী নামৰ এই মহিলাগৰাকী সন্মুখীন হ'ল এক নিষ্ঠুৰ বাস্তৱৰ ।

নিজৰেই ভাতৃয়ে এলাগী কৰিলে নিজৰ বায়েকক । কেৱল ইয়াতে ক্ষান্ত নাথাকি চৰকাৰী চাকৰিয়াল নৰেন চক্ৰৱৰ্তীয়ে শাৰীৰিক তথা মানসিক নিৰ্যাতন চলাবলৈ আৰম্ভ কৰিলে । নিশা হ'লে খোৱা খাদ্য নিদিয়াকৈ ঘৰৰ দুৱাৰ বন্ধ কৰি ৰাখে । অৱশেষত ঘৰৰ পৰা বাহিৰ কৰি দিলে ভগ্নীক । ধন ঐশ্বৰ্যৰ তুলনাত যেন নিজ ভগ্নী তেনেই নগন্য আজিৰ পৃথিৱীত । ভাতৃ চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো বৃদ্ধা ভগ্নীয়ে অন্য লোকৰ ঘৰত কাম কৰি জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছে ।

কোনোমতে দুবেলা দুসাঁজ ভাত মোকোলাইছে মহিলাগৰাকীয়ে । চকুৰে মণিব নোৱাৰা হোৱা অৱস্থাত ভাতৃয়ে লগ এৰাত এতিয়া সমস্য়াৰ সন্মুখত পৰিছে অনিমা চক্ৰৱৰ্তী । এই কঠিন সময়ত অন্য লোকৰ ঘৰত কাম কৰিয়ে নিজে নিজক পোহ পাল দিছে । হয় এয়াই বাস্তৱ । এই নিষ্ঠুৰ বাস্তৱৰ মাজতেই দিন অতিবাহিত কৰিছে এইগৰাকী অসহায় মহিলাই । সচাকৈয়ে ন্যায় পাবনে এইগৰাকী দূৰ্ভগীয়া মহিলাই । নে চৰকাৰী চাকৰীয়াল ভাতৃ থকাৰ পাচতো বৃদ্ধাশ্ৰমৰ আলহী হ'ব অনিমা চক্ৰৱৰ্তী !

লগতে পঢ়ক:Foundation Day of AMCH: AMCH ত ৰ'বটিক চিকিৎসাৰ ইংগিত দিলে বিধায়ক প্ৰশান্ত ফুকনে

ABOUT THE AUTHOR

...view details