গুৱাহাটী,30আগষ্টঃ শুকুৰবাৰে মহানগৰীৰ জালুকবাৰীস্থিত হোটেল ৰেডিচন ব্লু'ত ফিকিৰ উদ্যোগত অনুষ্ঠিত হয় 'উৰিষ্যা টুৰিজিম ৰোড শ্ব' শীৰ্ষক পৰ্যটন সন্মিলন। উৰিষ্যাৰ পৰ্যটন ক্ষেত্ৰক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰকাৰে লোৱা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰা হয় এই সন্মিলনত। এই সন্মিলনত উপস্থিত থাকে উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহী, পৰ্যটন বিভাগৰ সঞ্চালক নিৰ্মল চন্দ্ৰ মিশ্ৰ, আছু প্ৰজ্ঞান দাসকে প্ৰমুখ্য কৰি উৰিষ্যাৰ পৰ্যটন বিভাগৰ আমোলাসকল।
সম্বলপুৰৰ ৰসৰাজৰ সংৰক্ষিত গৃহ হ'ব সমন্বয়ৰ প্ৰতীকঃ জ্যোতিপ্ৰকাশ পাণিগ্ৰহী - হোটেল ৰেডিচন ব্লু
উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণ কৰি ইয়াক এক দুয়ো ৰাজ্যৰ সমন্বয়ৰ প্ৰতীক হিচাপে গঢ় দিয়াৰ লক্ষ্য লোৱাৰ কথা কয় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহীয়ে।
সম্বলপুৰৰ ৰসৰাজৰ সংৰক্ষিত গৃহ হ'ব সমন্বয়ৰ প্ৰতীকঃ জ্যোতিপ্ৰকাশ পাণিগ্ৰহী
ইফালে উৰিষ্যাৰ সম্বলপুৰত থকা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গৃহ সংৰক্ষণ কৰি ইয়াক এক দুয়ো ৰাজ্যৰ সমন্বয়ৰ প্ৰতীক হিচাপে গঢ় দিয়াৰ লক্ষ্য লোৱাৰ কথা কয় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰী জ্যোতিপ্ৰকাশ পাণিগ্ৰহীয়ে। ইপিনে ৰসৰাজৰ গৃহ সংৰক্ষণৰ বাবে অসমৰ চৰকাৰে ৫০ লাখৰ অনুদান প্ৰদান কৰাৰ বিপৰীতে উৰিষ্যা চৰকাৰে আৱন্টন দিছে ২কোটি টকা। দুয়োখন ৰাজ্যৰ পুঁজিৰে শীঘ্ৰেই এই প্ৰকল্পৰ কাম ইনটেক নামৰ প্ৰতিষ্ঠানটোৱে আৰম্ভ কৰিব বুলি জনায় উৰিষ্যাৰ পৰ্যটন মন্ত্ৰীগৰাকীয়ে।