ৰঙিয়া, 1 ছেপ্তেম্বৰ : 31 আগষ্টত প্ৰকাশ পালে NRC ৰ চূড়ান্ত খচৰা ৷ সদ্য প্ৰকাশিত NRCৰ চূড়ান্ত খচৰাত ধৰা পৰিছে কিছু বিসংগতি ৷ 1951 চনৰ লিগেচী দাতা থকাৰ পিচতো কেইবাগৰাকী লোকৰ নাম বাদ পৰিল NRCৰ পৰা ৷ ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত খন্দিকৰ, কাউৰবাহা, চেনিমৰা, বিহাপাৰা ধেপাৰগাও, দলংঘাট, চিৰাখুন্দিআদি অঞ্চলৰ প্ৰায় তিনি হাজাৰ লোকৰ নাম কৰ্তন কৰা হৈছে NRC ৰ চূড়ান্ত খচৰাৰ পৰা ৷
ৰঙিয়াত তিনি হাজাৰ লোকৰ নাম নাই এন আৰ চিৰ চূড়ান্ত খচৰাত ! - 1951 চনৰ লিগেচী দাতা
1951 চনৰ লিগেচী দাতা থকাৰ পিচতো কেইবাগৰাকী লোকৰ নাম বাদ NRCৰ পৰা ৷ ৰঙিয়াত তিনি হাজাৰ লোকৰ নাম নাই চূড়ান্ত NRCত ৷ লগতে সকলো আসোঁৱাহবোৰ দূৰ কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷
ঙিয়াত তিনি হাজাৰ লোকৰ নাম নাই চূড়ান্ত NRCত
আনহাতে এন আৰ চি কেন্দ্ৰ সমূহৰ দাতা অপাৰেটৰৰ ভুলৰ বাবেই বহু পৰিয়ালৰ মাতৃৰ নামৰ ঠাইত পত্নীৰ নাম, স্বামীৰ ঠাইত শহুৰেকৰ নাম অহাত অঞ্চলজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । প্ৰয়োজনীয় নথি-পত্ৰ থকাৰ পিচতো চূড়ান্ত খচৰাত নাম ৰৈ যোৱা ব্যক্তি সকলে অহা 7 ছেপ্তেম্বৰত প্ৰকাশ পাবলগীয়া তালিকাত নিজৰ নাম অন্তৰ্ভুক্তিৰ দাবী জনাইছে ৷ লগতে সকলো আসোঁৱাহবোৰ দূৰ কৰিবলৈ দাবী জনাইছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৷