অসম

assam

ETV Bharat / state

উত্তৰ কামৰূপত বন বিষয়াক মেনেজ কৰি চোৰাং ব্যৱসায়ীৰ বন ধংস ! - বন বিভাগ

উত্তৰ কামৰূপৰ হাজো ৰেঞ্জৰ অধীনত চোৰাং ব্যৱসায়ীয়ে বন ধংস চলাই থকাৰ অভিযোগ উত্থাপন হৈছে ৷ চোৰাং ব্যৱসায়ীয়ে বন বিষয়াক মেনেজ কৰি এই কাৰ্য চলাই থকাৰ অভিযোগ ৰাইজৰ ৷

north-kamrup-illigel-wood-cutting
উত্তৰ কামৰূপত বন বিষয়াক মেনেজ কৰি চোৰাং ব্যৱসায়ীয়ে বন ধংস চলাই থকাৰ অভিযোগ

By

Published : Dec 18, 2020, 3:42 PM IST

কামৰূপ, 18 ডিচেম্বৰ :উত্তৰ কামৰূপত একাংশ অসাধু ব্যৱসায়ীয়ে মূল্যৱান গছ-গছনি কাটি তহিলং কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ হাজো ৰেঞ্জৰ অধীনত বন বিষয়াক মেনেজ কৰি একাংশ চোৰাং ব্যৱসায়ীয়ে বন ধ্বংস যজ্ঞ অব্যাহত থকাৰ অভিযোগ উত্থাপন হৈছে ৷

উত্তৰ কামৰূপত বন বিষয়াক মেনেজ কৰি চোৰাং ব্যৱসায়ীয়ে বন ধংস চলাই থকাৰ অভিযোগ

তথ্য অনুসৰি,উত্তৰ কামৰূপৰ হাজো ৰেঞ্জৰ অধীনত থকা মাগুৰি,চনেশ্বৰ,দিমু,পালৰা আদিত ঠাইত গঢ়ি উঠিছে অবৈধ কাঠ ফলা মিল । ৰাইজৰ অভিযোগ অনুসৰি,বন বিভাগৰ আশীৰ্বাদত গঢ়ি উঠিছে 10 টাকৈ কাঠ ফলা মিল । যাৰ বাবে অঞ্চলটোৰ সচেতন ৰাইজে শীঘ্ৰে মূল্যৱান গছ-গছনি কটা ৰোধ কৰিবলৈ বন বিভাগক আহ্বান জনাইছে ৷

লগতে পঢ়ক :মুম্বাই আৰক্ষীৰ ‘ঔপনিৱেশিক আইন’ক প্ৰত্যাহ্বান ৰিপাব্লিক টিভিৰ স্বত্বাধিকাৰীৰ

ABOUT THE AUTHOR

...view details