অসম

assam

ETV Bharat / state

২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ তালিকাত অসমৰ কমলকৃষ্ণ দাস - কমলকৃষ্ণ দাস

ভাৰতীয় শিশু কল্যাণ পৰিষদে প্ৰতিবছৰে আগবঢ়াই আহিছে শিশু সাহসিকতা বঁটা ৷ শুকুৰবাৰে ঘোষণা কৰা হয় ২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ তালিকা ৷ বঁটা প্ৰাপকৰ তালিকাত স্থান লাভ কৰিছে অসমৰ কমলকৃষ্ণ দাসে ৷ ২০১৮ চনৰ ভুটভুটী নাওঁ দুৰ্ঘটনাৰ সময়ত কিশোৰটিয়ে ৰক্ষা কৰিছিল মাতৃ আৰু পেহীয়েকৰ প্ৰাণ ৷ ইয়াৰ ভিত্তিত কিশোৰজন নিৰ্বাচিত হয় বঁটাৰ বাবে ৷

অসম
কমলকৃষ্ণ দাস

By

Published : Jan 24, 2020, 8:46 PM IST

গুৱাহাটী,24 জানুৱাৰীঃ অসাধাৰণ বুদ্ধিমত্তা আৰু সাহসিকতাৰ বাবে ভাৰতীয় শিশু কল্যাণ পৰিষদে প্ৰতিবছৰে আগবঢ়াই আহিছে শিশু সাহসিকতা বঁটা ৷ শুকুৰবাৰে ঘোষণা কৰা হয় ২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ তালিকা ৷ বঁটাটিৰ বাবে দেশৰ ২২ টি শিশু তথা কিশোৰক তিনিটা শিতানত নিৰ্বাচিত কৰা হৈছে । 2019 বৰ্ষৰ বঁটা প্ৰাপকৰ তালিকাত স্থান লাভ কৰিছে অসমৰ কমলকৃষ্ণ দাসে ৷ নিৰ্বাচিত শিশুসকলৰ 10 গৰাকী ছোৱালী হোৱাৰ বিপৰীতে আছে 12 জন ল’ৰা ৷ ৬ বছৰৰ পৰা 18 বছৰৰ অন্তৰ্গত এই শিশুসকলক দুঃসাহসী পদক্ষেপৰ বাবে ভাৰতীয় শিশু কল্যাণ পৰিষদে নিৰ্বাচিত কৰে ।

অসমৰ কমলকৃষ্ণ দাস নিৰ্বাচিত

উল্লেখ্য যে, ২০১৮ চনৰ শিক্ষক দিৱসৰ দিনা ব্ৰহ্মপুত্ৰত সংঘটিত হৈছিল শোকাৱহ ভুটভুটী নাওঁ দুৰ্ঘটনা। প্ৰায় চল্লিশজনৰো অধিক যাত্ৰী থকা নাওঁখনে জাইকাৰ নিৰ্মীয়মান দলঙৰ খুঁটাত খুন্দা মাৰি দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। যিটো শিহৰণকাৰী দুৰ্ঘটনাৰ সাক্ষী আছিল উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডৰ কমলকৃষ্ণ দাস । বাৰ বছৰীয়া কমলে খৰস্ৰোতা ব্ৰহ্মপুত্ৰত জপিয়াই উদ্ধাৰ কৰিছিল মাতৃ আৰু পেহীয়েকক ।

উক্ত দুৰ্ঘটনাত নিখোজ হৈছিল কেইবাজনো লোক। সেয়ে আই চি চি ডব্লিউৱে ২০১৯ বৰ্ষৰ শিশু সাহসিকতা বঁটাৰ বাবে কমলকৃষ্ণ দাসক নিৰ্বাচন কৰে। ইতিমধ্যে ১৯ জানুৱাৰীত বঁটা গ্ৰহণৰ বাবে কিশোৰটিয়ে যাত্ৰা কৰিছে নতুন দিল্লীলৈ ৷ আগন্তুক গণৰাজ্য দিৱসত আন শিশুৰ লগতে চৈধ্য বছৰীয়া কিশোৰ কমল কৃষ্ণই প্ৰধানমন্ত্ৰী অথবা গৃহমন্ত্ৰীৰ হাতৰ পৰা বঁটাটো গ্ৰহণ কৰিব। এই খবৰে উৎফুল্লিত কৰি তুলিছে উত্তৰ গুৱাহাটীবাসীক। কমলকৃষ্ণ উত্তৰ গুৱাহাটী মধ্যমখণ্ডৰ বাসিন্দা ধনঞ্জয় দাস আৰু জিতুমণি দাসৰ একমাত্ৰ সন্তান। কিশোৰটিৰ লক্ষ্য ভৱিষ্যতে এজন সুদক্ষ সাঁতোৰবিদ হোৱাৰ ৷

লগতে চাওকঃমহানগৰীৰ ৰাজপথত একেলগে 700 খন মাৰ্চিডিজ

ABOUT THE AUTHOR

...view details